বিশ্বনাথ ২৫ জুন ::
বিহালীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ ট্ৰাক ।
বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া আৰু বৰগাং আৰক্ষীয়ে দীৰ্ঘদিন ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চলাই অহা অভিযানত শনিবাৰে দুখনকৈ সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীয়ে।
শনিবাৰে পুৱা
বিহালী আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰৈ নৈ দলং কাষতে নাকা তালাচীত চলাই থকা সময়ত সুৰাভৰ্তি দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী দলটোৱে।
আৰক্ষী সূত্ৰ প্ৰকাশ যে
অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা মনিপুৰলৈ নি থকা সুৰা ভৰ্তি AS-01NC-4286 আৰু MN01-9547 নম্বৰৰ ট্ৰাক দুখনত প্ৰায় 15 শ কাৰ্টুন সুৰা উদ্ধাৰ হয়।
ইফালে সুৰা সমূহ আৰক্ষীয়ে জব্দ কৰে।
কৰা সুৰা সমূহ আনুমানিক মূল্য প্ৰায় 30, লক্ষ টকা হ’ব জানিব দিয়ে আৰক্ষীয়ে।
আনহাতে যোৱা কেঈবাদিন ধৰি বিহালী আৰক্ষী আৰু বিশ্বনাথ আৱকাৰী চতিয়া চাৰ্কোল, বিহালী চাৰ্কোলৰ নেতৃত্বতো বিশ্বনাথ জিলা বিভিন্ন স্থানত অবৈধ অৰুণাচলী সুৰা আৰু অবৈধ চুলাই বিৰুদ্ধে অভিযান অব্যাহত ৰখা দেখা গৈছে।
Leave a Reply