Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; জনসভা, পথসভাৰে চলি আছে এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ নিৰ্বাচনী প্ৰচাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলিইজ ইউনিয়নে ৰে’লৱেৰ ৫৪ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে।

আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত ৯ নৱেম্বৰৰ পৰা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পৰিসেৱাই সামৰি লোৱা ৮ খন ৰাজ্যত থকা ৰেলৱেৰ কাৰ্যালয়, ৰেলৱে ষ্টেছন, আৱাসিক এলেকা আদিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে আৰু এই প্ৰচাৰ অভিযানৰ পহিলা ডিচেম্বৰত সামৰণি পৰিব। পহিলা ডিচেম্বৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত অনুষ্ঠিত হবলগীয়া এখন বিশাল জনসভাৰে এইবেলিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি মৰা হ’ব। ইফালে বিগত কেইদিনত এম্পলইজ ইউনিয়নে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ লিডুৰ পৰা কাটিহাৰলৈ আৰু আগৰতলাৰ পৰা মূৰ্কংচেলেঙলৈকে ৰেলৱেৰ কাৰ্যালয় চৌহদ, আৱাসিক এলেকা সমূহত বেনাৰ, পোষ্টাৰ, হৰ্ডিং, সৰু সৰু পথ সভা, জন সভা আদিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ভাগ লৈ এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই জন্মলগ্নৰে পৰা ইউনিয়নে ৰে’লৱেৰ শ্ৰমিক-কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে বুলি সদৰি কৰি নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব বুলিও হুংকাৰ দিয়ে। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে-কামে সকলোৱে নামি পৰিবলৈ আহ্বান জনাইছে।

আনহাতে সভা সমূহত উপস্থিত সকলোৱে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলা হৈছে। জানিব পৰা মতে সভা সমূহত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ উপৰিও মাণ্ডলিক কমিটি আৰু নিজ নিজ অঞ্চলৰ শাখা কমিটিৰ কৰ্মকৰ্তা সকলেও ভাগ লৈছে। ইফালে প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে সদৰি কৰা অনুসৰি এইবেলি নিৰ্বাচনত ২০১৩ চনতকৈ অধিক ভোট লাভ কৰিব বুলি আশাবাদী।

কিয়নো বিগত দিনকেইটাত যতেই সভা অনুষ্ঠিত হৈছে তাতেই এম্পলইজ ইউনিয়নৰ প্ৰতি ৰেলৱেৰ শ্ৰমিক-কৰ্মচাৰী সকলে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। আনকি ৰে’লৱেৰ বহু শ্ৰমিক-কৰ্মচাৰীয়ে মুনীন শইকীয়াৰ উপস্থিতিত এম্পলইজ ইউনিয়নৰ নীতি আৰু আদৰ্শত আস্থা-বিশ্বাস ৰাখি দলে-বলে যোগদান কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানত নতুন মাত্ৰা প্ৰদান কৰাও পৰিলক্ষিত হৈছে। আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ইউনিয়নৰ নিৰ্মাণ শাখাৰ উদ্যোগত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত বহু শ্ৰমিক-কৰ্মচাৰীয়ে ভাগ লৈ ইউনিয়নৰ প্ৰতি আস্থা স্থাপন কৰে।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °