শেহতীয়া আপডেটঃ

ৰেংকিঙৰ ওপৰত ভৰসা কৰি শিক্ষানুষ্ঠানত নামভৰ্তি কৰা উচিত নে?

যিকোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পূৰ্বে শিক্ষাৰ্থীসকলে নিজে অনুসন্ধান কৰি, সেই শিক্ষা প্ৰতিষ্ঠান আৰু অধ্যয়ন কৰিব বিচৰা বিভাগটোৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ কৰা অধিক যুক্তিসংগত।

■ ড°বুলজিৎ বুঢ়াগোহাঁই

বহু শিক্ষাৰ্থীয়ে অনলাইনত পোৱা ৰেংকিঙৰ তথ্য সত্যতা পৰীক্ষা নকৰাকৈ নামভৰ্তি কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত বিপদত পৰিছে। শিক্ষানুষ্ঠান বাছনি কৰোঁতে ৰেংকিং একমাত্ৰ নিৰ্ণায়ক হ’ব নালাগে, কাৰণ ৰেংকিং ব্যৱস্থাসমূহ বহু ক্ষেত্ৰত আপেক্ষিক, অসম্পূৰ্ণ, আৰু বিভ্ৰান্তিমূলক হ’ব পাৰে। সাধাৰণতে ৰেংকিঙৰ মানদণ্ডত গৱেষণা প্ৰৱন্ধ, বৈদেশিক সহযোগিতা, আৰু পুঁজি সংগ্ৰহ আদি বিষয়ত বেছি গুৰুত্ব পায় । এইবোৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ’লেও স্নাতক শিক্ষাৰ গুণাগুণৰ ওপৰত ইয়াৰ প্ৰভাৱ কম। বস্তুনিষ্ঠ মূল্যায়নৰ উদ্দেশ্যে নহয়, বৰং কেৱল আয়ৰ লক্ষ্য লৈ কিছুমান বেচৰকাৰী সংস্থাই ৰেংকিং প্ৰকাশ কৰে। শিক্ষানুষ্ঠানখনৰ ৰেংকিং উচ্চ হ’লেও নিৰ্দিষ্ট বিভাগটোৰ মানদণ্ড কম হ’ব পাৰে।  সেয়ে যিকোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পূৰ্বে শিক্ষাৰ্থীসকলে নিজে অনুসন্ধান কৰি, সেই শিক্ষা প্ৰতিষ্ঠান আৰু অধ্যয়ন কৰিব বিচৰা বিভাগটোৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ কৰা অধিক যুক্তিসংগত। বিশেষকৈ, শিক্ষা প্ৰতিষ্ঠানখন আৰু বিভাগটোৰ বৈধতা আৰু স্বীকৃতি আছে নে নাই, সেইটো নিশ্চিত কৰা অতি প্ৰয়োজনীয়। এই বিষয়ৰ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ আৰু সংস্থাৰ চৰকাৰী ৱেবচাইটসমূহত উপলব্ধ  । যেনে- শিক্ষা  মন্ত্রালয় (https://education.gov.in),    বিশ্ববিদ্যালয়  অনুদান আয়োগ (https://www.ugc.ac.in),  ৰাষ্ট্রীয় চিকিৎসা আয়োগ  (https://www.nmc.org.in), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in) , ভেটেৰিনেৰী কাউঞ্চিল অৱ ইণ্ডিয়া (https://vci.dahd.gov.in/) , ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ (https://nch.org.in) , ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://naac.gov.in/), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় ফাৰ্মাচী পৰিষদ (https://www.pci.nic.in‎) , ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (https://aiu.ac.in)  ,দূৰ শিক্ষা পৰিষদ (https://deb.ugc.ac.in),  ভাৰতীয় নাৰ্ছিং পৰিষদ (https://www.indiannursingcouncil.org)  , আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in)  ,ভাৰতীয় বাৰ পৰিষদ (https://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in), ভাৰতীয়  পুনৰ্সংস্থাপন পৰিষদ(https://rehabcouncil.nic.in)  আদি । তদুপৰি, শিক্ষানুষ্ঠান বাছনি কৰাৰ সময়ত কেইটামান গুৰুত্বপূর্ণ দিশৰ বিষয়ে এক সম্যক ধাৰণা ল’লে ভাল হয় । উদাহৰণস্বৰূপে — শিক্ষানুষ্ঠানখনৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নিজৰ ক্ষেত্ৰত কেনেধৰণে সফলতা লাভ কৰিছে, সেই বিষয়ে আগতীয়াকৈ অৱগত হ’বলৈ চেষ্টা কৰাটো শিক্ষাৰ্থীসকলৰ বাবে সহায়ক হ’ব পাৰে। লগতে, শিক্ষানুষ্ঠানখনৰ পাঠদান ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্তিৰ প্ৰক্ৰিয়া, পুথিভঁৰাল আৰু ইণ্টাৰনেট সেৱা, আবাসন সুবিধা, আৰ্থিক সহায় আদিৰ বিষেয়েও পূৰ্বে ভালদৰে বুজি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ উপৰিও বিবেচনা কৰিবলগীয়া আন দিশবোৰ হ’ল- শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী? সুৰক্ষিত স্থানত অৱস্থিত নে নহয়?শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত কিমান? ঘৰৰ পৰা দূৰত্ব কিমান? কেম্পাছ ইণ্টাৰভিউ আয়োজন হয় নে নহয়? খেলা-ধূলা, সাংস্কৃতিক কাৰ্যকলাপ, আৰু অন্যান্যপাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্য্যকলাপ  কৰাৰ সুযোগ আছে নে নাই?

ৰেংকিঙে কোনো শিক্ষানুষ্ঠানৰ বিষয়ে এটা প্ৰাথমিক ধাৰণা দিব পাৰে, কিন্তু কেৱল তাৰ ওপৰত ভিত্তি কৰি চূড়ান্ত সিদ্ধান্ত লোৱা উচিত নহয়। চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে শিক্ষানুষ্ঠানখন প্ৰত্যক্ষভাৱে দৰ্শন কৰা, বৰ্তমান আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে কথা পতা, আৰু নিজস্ব লক্ষ্য, প্ৰয়োজন আৰু পৰিস্থিতিৰ সৈতে মিলাই বিবেচনা কৰা অতি প্ৰয়োজনীয়। যুক্তিভিত্তিক বিশ্লেষণ আৰু সত্য তথ্যৰ আধাৰত লোৱা সিদ্ধান্তই শিক্ষাৰ্থীৰ দীঘলীয়া ভৱিষ্যৎ গঢ়িবলৈ অধিক সহায়ক হ’ব।

 

ড°বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.