Saturday, July 12, 2025
27.5 C
Guwahati
TOP NEWS:

ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া, সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন

- Advertisement -

ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে?

গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিছে ‘ভাষা গৌৰৱ’ সপ্তাহ কাৰ্যসূচী। আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমৰ মাত্ৰ ৪৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

ৰাজ্যৰ খিলঞ্জীয়া বড়ো, মিচিং, ৰাভা আদি জনগোষ্ঠীয় ভাষা সমূহ বিলুপ্তিৰ পথত। এনে অৱস্থাত অসমীয়া ভাষাৰ প্ৰতি কেৱল মাত্ৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভেই আমাৰ মাতৃভাষা সুৰক্ষিত কৰিব নে?’ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই স্বীকৃতি আৰু ৰাজ্য চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী আপে আদৰণি জনায়। সংবাদমেলত আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাথোঁ এই স্বীকৃতিয়ে যথেষ্ট নহয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মাতৃভাষা অৱহেলিত হৈ আছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতো অসমীয়া ভাষাৰ পাঠ্যক্ৰম চৰকাৰে বাধ্যতামূলক কৰা উচিত।’ আনহাতে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত প্ৰৱৰ্তন কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়। ৰাজ্যৰ বিধান সভাত গৃহীত ১৯৬০ চনৰ চৰকাৰী ভাষা আইন সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়, ‘চৰকাৰী কাৰ্যালয় সমূহত এতিয়াও অসমীয়া ভাষা এলাগী হৈ আছে। ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়তে অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।’ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰক ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা কেৰোণ সমূহ আঁতৰ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে। সংবাদমেলত পুনম গগৈৰ সৈতে আপৰ ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী তথা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °