শেহতীয়া আপডেটঃ

ৰঙিয়াত জিলা নিৰ্বাচন বিষয়াৰ সংবাদমেল

 

৫ জানুৱাৰী ২০২২ বৰ্ষত প্ৰকাশ পাব দুটাকৈ সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা

অসম খবৰ ৰঙিয়া, ৬ নৱেম্বৰ :-
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হয়।

ৰঙিয়া মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি ৰঙিয়া নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৭৫,২৪৬ গৰাকী। ইয়াৰে ১,৮৯,৬৮৯ গৰাকী পুৰুষ আৰু ১,৮৫,৫৫৭ গৰাকী মহিলা ভোটদাতা। নতুন ভোটাৰ তালিকা অনুসৰি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৯,৮০১ গৰাকী ৷ ইয়াৰে ৯১,০৭২ গৰাকী পুৰুষ আৰু ৮৮,৭২৯ গৰাকী মহিলা ভোটদাতা।আনহাতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৪৪৫ গৰাকী ।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৮,৬১৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৮২৮ গৰাকী৷ এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চুড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত ০.৫৩ শতাংশ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত ০.৯২ শতাংশ নতুন ভোটদাতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে সংবাদমেলত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল আই.এ.এছয়ে জানিবলৈ দিয়ে যে আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব।

আবেদনকাৰী সকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে ও আবেদন কৰিব পাৰিব। এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।লগতে ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ- আপত্তি নিষ্পত্তি কৰি অহা ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি জানিব দিয়ে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে।

আনহাতে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহৰ ৰাইজৰ জ্ঞাতাৰ্থে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধিসূচনা মৰ্মে অসম পৌৰ আইন ১৯৫৬ ৰ অধীনৰ ১৪ নং বিধিমতে পৌৰসভাৰ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে।

১৬ নৱেম্বৰ মঙলবাৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ,২৬ নৱেম্বৰ শুকুৰবাৰে দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ, ২৯ নৱেম্বৰ সোমবাৰে দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ, ১০ ডিচেম্বৰ শুক্ৰবাৰে দাবী, আপত্তি নিষ্পত্তিকৰণ অন্তিম তাৰিখ আৰু ২৮ ডিচেম্বৰ মঙলবাৰে প্ৰকাশ পাব ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা।ভোটৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদন নিৰ্দিষ্ট প্ৰ পত্ৰ ৰঙিয়া পৌৰসভাৰ কাৰ্যলয়ৰ পৰা সংগ্ৰহ কৰিবলৈ লগতে কাৰ্য্যালয় চলি থকা সময়ত ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন দণ্ডাধীশৰ ওচৰত দাখিল কৰিব লাগিব। উক্ত দাবী, আপত্তি ৰঙিয়া পৌৰ নিৰ্বাচন দণ্ডাধীশে নিষ্পত্তি কৰিব বুলিও আজিৰ সংবাদমেলত জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে আজিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালৰ ওপৰিও সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা নিৰ্বাচন বিষয়া অম্লান বৈশ্য, নিৰ্বাচনী সহায়ক জাকিৰ হুছেইন,মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক হিতেশ চন্দ্ৰ নাথ আৰু কম্পিউটাৰ সহায়ক ভৱজিৎ কলিতা প্ৰমূখ্যে ৰঙিয়া মহকুমাৰ সংবাদকৰ্মী সকল উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.