31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি, ৰঙিয়াৰ নিকটৱৰ্তী ইছলামধৰ্মী লোকসকলৰ লগত আলোচনা

    ♦ ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ ২০২৪ ৰ ফেব্ৰুৱাৰী মাহৰ ৯, ১০ আৰু ১১ তাৰিখে ৰঙিয়াৰ ভয়ৰা মৰাণজানা হাতীখলা পথাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আজি ৰঙিয়াৰ নিকটৱৰ্তী বৰলেচাকোনা বুঢ়া জামে মছজিদ প্ৰাঙ্গণত সেই অঞ্চলৰ স্থানীয় ইছলামধৰ্মী লোক সকল আৰু ৯৩ সংখ্যক আদৰণী সমিতিৰ বিষয়ববীয়া সকলৰ মাজত এখন সভা অনুষ্ঠিত হয়৷

    ৯৩ সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ যুটীয়া সম্পাদক শ্ৰীহৰেশ্বৰ ডেকা বাপে আঁতধৰা সভাখনত উপস্থিত থকা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ শ্ৰীভবেন্দ্ৰ নাথ ডেকা বাপ আৰু আদৰণী সমিতিৰ সভাপতি শ্ৰীকন্দৰ্প কুমাৰ মহন্ত বাপে বৃহত্তৰ ৰঙিয়াবাসী ৰাইজৰ মৰ্য্যদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত জাতি, বৰ্ণ নিৰ্বিশেষে সকলোকে সৰ্বতোপ্ৰকাৰে অধিৱেশনলৈ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷

    উক্ত সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আগন্তুক এই ৯৩ সংখ্যক অধিৱেশনলৈ যথেষ্ট সংখ্যক খৰি, বাঁহ আৰু নৰা আগবঢ়াব বুলি ঈদগাহ সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ইছমাইল চিদ্দিক আৰু জেহৰুল ইছলামে ৰাইজৰ হৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে, লগতে অধিৱেশনত পাৰ্য্যমানে শ্ৰমদান কৰাৰ কথাও তেখেত সকলে উল্লেখ কৰে৷

    বৰলেচাকোনা গাঁৱৰ বুঢ়া জামে মছজিদ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই সভাত প্ৰতিশ্ৰুতি আগবঢ়োৱা সমূহ ইছলামধৰ্মী ৰাইজৰ এনে পদক্ষেপক আদৰণী জনাই ৯৩ সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ শেষত এই সভাৰ আঁতধৰোতা হৰেশ্বৰ ডেকা বাপে বৰলেচাকোনা অঞ্চলৰ ইছলামধৰ্মী ৰাইজে লোৱা এনে পদক্ষেপে ৰাইজৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ আৰু সভাত উপস্থিত থকা সকলোলৈকে কৃতজ্ঞতাৰ সৈতে ধন্যবাদ জ্ঞাপন কৰে৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.