31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৩৩ তম পথ সুৰক্ষা সপ্তাহ সন্দৰ্ভত: কে. ই .চি. ইন্টাৰনেচনেল লিমিটেডৰ :বিনামূলীয়াকৈ হেলমেট উপহাৰ দুচকীয়া বাহন চালকক Video

    ৩৩ তম পথ সুৰক্ষা সপ্তাহ সন্দৰ্ভত: কে. ই .চি. ইন্টাৰনেচনেল লিমিটেডৰ :
    বিনামূলীয়াকৈ হেলমেট উপহাৰ দুচকীয়া বাহন চালকক

    তেজপুৰ ১১ জানুৱাৰী :

    ৰাজ্যত দৈনন্দিন বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা।
    যাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰৰ যান-বাহন বিভাগৰ বিষয়া কৰ্মচাৰী লগতে বিভিন্ন কোম্পানী, স্বেচ্ছাসেৱী সংগঠন ।

    শেহতীয়াকৈ এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে‌ যিমানসংখ্যক লোকে স্বাভাৱিক ভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়।

    ইফালে ইয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ হোৱা লগতে বিভিন্ন দল সংগঠনৰ লগতে বহুজাতিক কোম্পানীয়ে সজাগতা অব্যাহত ৰাখিছে।

    ইফালে মঙলবাৰে তেজপুৰত ভাৰতৰ বহুজাতিক বৈদ্যুতিক শক্তি ট্ৰেন্সমিচন টাৱাৰৰ দ্বিতীয় সৰ্ববৃহৎ নিৰ্মাতা আৰু বিশ্বৰ সৰ্ববৃহৎ পাৱাৰ ট্ৰেন্সমিচন, অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ কোম্পানী KEC তৰফৰ পৰা তেজপুৰ পৰুৱা চাৰিআলিৰ মহাভৈৰৱ আৰক্ষী চকীৰ সন্মুখত আৰক্ষী সহযোগত
    ৩৩ তম পথ সুৰক্ষা সপ্তাহ লগত সংগতি ৰাখি যান- বাহন আইনৰ সন্দৰ্ভত
    সজাগতা সৃষ্টি কৰা লগতে দুচকীয়া বাহন চলাই যোৱা সময়ত হেলমেট পৰিধান নকৰা লোক সকলক বিনামূলীয়াকৈ হেলমেট প্ৰদান কৰে।

    ইফালে যি সকলে যান- বাহন আইন পালন কৰি হেলমেট পৰিধান কৰি দুচকীয়া বাহন আৰু গাড়ী চলাইছে তেওঁলোকো একোটা একোটা উপহাৰ প্ৰদান কৰে বহু জাতিক কোম্পানীটো কৰ্মচাৰী সকলে ।

    প্ৰায় ৫০ জন লোকক বিনামূলীয়াকৈ হেলমেট প্ৰদান কৰে এই সজাগতা জৰিয়তে।
    এই অনুষ্ঠানটোত উপস্থিত থাকে কে.ই.চি. ইণ্টাৰনেচনেল লিমিটেডৰ তেজপুৰ আঞ্চলিক মেনেজাৰ আলোক কলিতা, আঞ্চলিক ব্যৱস্থাপক আফৰাজুল হক, মেনেজাৰ এন এ খানকে ধৰি কোম্পানীটো বহু কেইজন বিষয়া
    কৰ্মচাৰী উপস্থিত থাকে ।

    উল্লেখযোগ্য যে
    এই কোম্পানীটো তৰফৰ পৰা প্ৰতি বছৰে এই সজাগতা চলাই অহা লগতে ২০২২ বৰ্ষৰ প্ৰথমটো সজাগতা কাৰ্যসূচী তেজপুৰত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে তেজপুৰ আঞ্চলিক মেনেজাৰ আলোক কলিতাই।


    লগতে এই সজাগতা অব্যাহত থাকিব বুলিও প্ৰকাশ কৰে KEC কোম্পানীটো বিষয়া সকলে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.