Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

১২ দিনীয়া অসম গ্ৰন্থমেলা, প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই আজি নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশীয়ে৷ তেওঁ ভাষণত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা অসম গ্ৰন্থমেলাত মানুহৰ সোঁত দেখিবলৈ পাই অভিভূত হৈ পৰিছোঁ৷ গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ হয়৷ অসম গ্ৰন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ৷ তেওঁ লগতে কয় যে অসমীয়া ভাষাই ২০২৪ বৰ্ষত ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ৷ নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে৷ মাতৃভাষাই সকলোকে একত্ৰিত কৰি ৰাখে ৷এয়া মাতৃভাষাৰ মহত্ত্ব৷ দেশ মাতৃৰ মাটিও একেই৷ দেশৰ মাটিয়েই আমাৰ মাতৃ৷ ভাৰতবৰ্ষত পৃথিৱীৰ সবাটোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে ৷ ইয়াৰ দ্বাৰা আমাৰ হাজাৰ বছৰীয়া সভ্যতাৰ বিষয়ে জানিব পৰা যায়৷ গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়ে৷ ড° যোশীয়ে ভাষণৰ মাজতে এটি চিন্তা উদ্দীপক কবিতা পাঠ কৰি সকলোকে মোহাৱিষ্ট কৰে৷ আন এগৰাকী বিশিষ্ট অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড° ননীগোপাল মহন্তই কয় যে গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম৷ অসম গ্ৰন্থমেলায়ো বৌদ্ধিক আন্দোলনৰ জৰিয়তে সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰা বুলি অনুভৱ হৈছে৷ অসম গ্ৰন্থমেলা এতিয়া অন্য এক জাতীয় অনুষ্ঠান হৈ পৰিছে৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক মনোৰম ৰূপ দিছে আৰু আস্থাশীল কৰি তুলিছে৷

তেওঁ কয়—“ভাৰতৰ পৰম্পৰা হৈছে জ্ঞানৰ পৰম্পৰা৷ সমগ্ৰ পৃথিৱীতে ভাৰতে জ্ঞানৰ পোহৰ বিলাইছিল অতীজৰে পৰা৷ দক্ষিণ-পূৱ এছিয়াৰ ইতিহাসলৈ দৃষ্টি দিলেই এয়া পৰিস্ফুট পৰে৷ ব্ৰিটিছে এসময়ত মেকলেই চাহাবক আনি আমাৰ দেশৰ জ্ঞান পৰম্পৰাৰ ভেটিটো ভাঙি দিছিল৷ কিন্তু নতুন শিক্ষানীতিয়ে আমাৰ জ্ঞান পৰম্পৰাক পুনৰ প্ৰতিষ্ঠা কৰি বিজ্ঞান সন্মতভাৱে আগবঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে৷” ড° মহন্তই আকৌ কয়—“মোবাইল ফোন এতিয়া প্ৰাত্যহিক দুৰ্বৃত্ত হৈ পৰিছে৷ আমি ইয়াৰ দাসত্ব স্বীকাৰ কৰাৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব৷ কিতাপেই আমাক সেই শক্তি প্ৰদান কৰিব৷ গ্ৰন্থই মানুহক মানুহৰ হিতৰ হকে মাত মাতিবলৈ শিকায়৷” তেওঁ ভাষণৰ মাজতে জ্যোতিপ্ৰসাদ আৰৱালা, হেম বৰুৱাৰ কবিতা আবৃত্তি কৰি অনুষ্ঠানটি সমৃদ্ধ কৰে৷ সভাত সভাপতিৰ আসন শুৱনি কৰে বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ তেওঁ কয় যে গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি আনন্দ লাগিছে৷ ইয়ালৈ আহি সকলোৱে কিতাপৰ সান্নিধ্য লাভ কৰিছে৷ ইয়াৰ ফলত অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিব বুলি বিশ্বাস হৈছে ৷ ইয়াত বহু লেখক-সাহিত্যিক, গুণী-জ্ঞানী ব্যক্তিৰ সমাৱেশ ঘটিছে৷ গ্ৰন্থমেলাৰ এয়াই শুভ পৰম্পৰা, আশাৰ বতৰা৷ ৰাইজৰ সহযোগিতাৰে অসম গ্ৰন্থমেলা, গুৱাহাটী সাফল্যমণ্ডিত হৈছে৷ ইয়াৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷” সভাত আদৰণী ভাষণ প্ৰদান কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক সমৃদ্ধ কৰা৷ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয়৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে৷ সেয়েহে অসম গ্ৰন্থমেলাত সাহিত্য-সংস্কৃতি, ইতিহাস-ঐতিহ্য, জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয় সামৰি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থমেলাত জৰিত কৰোৱা হৈছে ৷ যোৱা ১২ দিনত প্ৰায় ৫ লক্ষাধিক গ্ৰন্থপ্ৰেমীয়ে ইয়াত ভিৰ কৰিছে৷ বিভিন্ন প্ৰকাশনৰ মুঠ ১১৮ টা গ্ৰন্থ বিপণী ইয়াত আছে ৷ যোৱা ১২ দিনত গ্ৰন্থৰ বিক্ৰীয়ে প্ৰায় ৭ কোটিৰ ঘৰ স্পৰ্শ কৰিছে৷ অসম গ্ৰন্থমেলা, গুৱাহাটী সফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্বাপন কৰি সচিব কলিতাই লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু জিলাই জিলাই গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে৷ অসমবাসীৰ বাবে এয়া অতি আনন্দৰ বতৰা ৷ মুখ্যমন্ত্ৰীৰ এনে পৰিকল্পনাৰ বাস্তৱায়নে ৰাজ্যখনত অধ্যয়ন সংস্কৃতিক অধিক গতিশীল কৰাৰ লগতে বৌদ্ধিক পৰিৱেশকো অধিক শক্তিশালী কৰিব ৷ সামৰণী সভাত উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়া সকল৷ শিল্পী তন্ময়ী বৰাই শাস্ত্ৰীয় নৃত্যৰ আধাৰত পৰিৱেশন কৰা এটি শিৱ বন্দনা পৰিৱেশনেৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়৷

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °