বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ আজি দিনৰ ১.২০ বজাত বিলাসীপাৰা চহৰৰ আটাইতকৈ বয়সীয়াল অৱসৰ প্ৰাপ্ত তথা অসম ৰাজ্যিক বঁটা প্ৰাপক শিক্ষয়িত্ৰী বিন্দুবাসিনী ৰায়ে পৰলোকগমন কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ বিলাসীপাৰা সমজিলাতে শোকৰ ছাঁ পৰিছে। বিলাসীপাৰা চহৰৰ ৩ নং ওৰ্ৱাড ডিমাতোলা গাঁৱৰ অতি পুৰণি বাসিন্দা প্ৰয়াত আদৰ্শবান শিক্ষয়িত্ৰী ৰায়ে ভাৰত স্বাধীনতা আন্দোলনৰ চিৰসাক্ষী হৈ এখন বাংলা মাধ্যমিকৰ বালিকা বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰিছিল।
পিছলৈ অসমীয়া মাধ্যমৰ বিলাসীপাৰা টাউন জে.বি প্ৰাথমিক বিদ্যালয় আৰু অৱশেষত ভোলানাথ এল. পি স্কুলৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। গোৱালপাৰীয়া লোকগীতৰ বাবে বিখ্যাত পৰিয়ালটোৰ সাংস্কৃতিক দল গঠন কৰি নিজৰ পুত্র ভোলানাথ ৰায় আৰু কন্যা জয়ন্তী ৰায়ক অনাতাঁৰ কেন্দ্ৰৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত ৫ পুত্র ৩ কন্যা, বোৱাৰী, নাতি- নাতিনী, আত্মীয়-স্বজন, বহুসংখ্যক গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত বিলাসীপাৰা সাহিত্য সভা, বিলাসীপাৰা প্ৰেছ ক্লাৱ, কাজল ভোমৰা শিল্পী সমাজ, ময়নামতী শিল্পী সমাজ,বিলাসীপাৰা চৰকাৰী পেঞ্চনাৰ সন্থাকে আদি কৰি বহুসংখ্যক দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।





