শেহতীয়া আপডেটঃ

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ মাজত আৰম্ভ হৈছে মুখচুপতিৰ ৰাজনীতি। বিপিএফৰ দলখত থকা ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি উদ্ধাৰৰ বাবে শাসকীয় দল ইউপিপিএলে আৰম্ভ কৰিছে বিভিন্ন কৌশলগত ৰাজনীতি। আজি ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ মহামায়ত থকা জিলা ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলীয় এখন কৰ্মী সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী লগতে পৰ্বতঝোৰা জিলা ইউপিপিএল সভাপতি প্রশেন কুমাৰ ব্ৰহ্ম, সম্পাদকৰ ছেলিম আহমেদ খান আৰু বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী। সভাত আগন্তুক নিৰ্বাচনত কেনেকৈ দলটো অধিক আৰু শক্তিশালি কৰিবলৈ সক্ষম হব তাৰ বাবে বিশেষকৈ আলোচনা কৰে। লগতে পৰ্বতঝোৰা পৰিষদীয় সমষ্টি বিপিএফৰ দুৰ্গ কেনেকৈ উৎখাত কৰি ইউপিপিএলৰ দখলত আনিব তাৰ বাবে ভিবিন্ন কৌশল ৰচনা কৰে। সভা শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ গৰাকী কয় যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰে মুল্য নাই কাৰণ তেওঁ ইউপিপিএল চৰকাৰ অহাৰ পিছৰ পৰাই কৈ আছে আজি ইউপিপিএল চৰকাৰ ভাঙিব কালি ভাঙিব এনেকৈ বিগত পাঁচটা বছৰ পাৰ কৰিলে কিন্তু আজিলৈ ভাঙিব নোৱাৰিলে সেয়ে তেঁও যি মুখত আহে তাকেই কয় তাৰ কথাৰ কোনো মুল্য নাই। আৰু কয় যে তেঁও আজিলৈ বিৰোধীৰ আসনত বহিও কোনো ৰাইজৰ হকে মাত নামাতিলে, তেঁও হাৰী যোৱাৰ পিছত এদিনো সদনত নগল। বিৰোধী আসনত বহিও বহু নেতাই শাসক পক্ষৰ কামক আঙুলিয়াই দিয়ে কিন্তু তেওঁ সেইবোৰ নকৰিলে।

কেৱল তেওঁ চীপ হোৱাৰ আশাত বিভিন্ন সময়ত মূল্য নথকা কথা হে কৈ আহিছে। ইপিনে আকৌ মুখ্য মন্ত্ৰীয়ে এখন জনসভাত ভাষণত কৈছিল যে বিটিআৰত বিজেপি চৰকাৰ আহিলে পূৰ্ব বঙ্গীয় মুছলমান সকলোক উচ্ছেদ কৰা হব তাৰ প্ৰত্যুত্তৰত নেতা গৰাকী কয় যে সেয়া তেওঁৰ কথা কিন্তু যেতিয়া বিটিচি ঘটন হৈছিল তেতিয়া সংবিধানত লিখাই আছিল হে ২০০৩ চনৰ পূৰ্বৰ পৰা বিটিচিত বসবাস কৰা কোনো লোকক উচ্ছেদ কৰা নহ’ব তেনে প্ৰেক্ষাপটত মুখ্য মন্ত্ৰীয়ে এনে কথা কেনেকৈ কৈছে মই নাজানো কিন্ত ইউপিপিএল চৰকাৰ থকা বিটিচিত কোনো উচ্ছেদ নহয়। ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ঠ অনুসূচীত এলেকা সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি কয় যে তেখেতে কি কৈছে মই অৱগত নহয় কিন্তু ট্ৰাইবেল বেল্ট ব্লকলৈ য়ে ষষ্ঠ অনুসূচীত এলেকা গঠিত হৈছে। ষষ্ট অনুসূচীত এলেকা দুটা পৰ্য্যায়ত হয়, এটা সম্পূৰ্ণ ষষ্ট অনুসূচীত এলেকা, য’ত ১৯৮৬ চনৰ ব্ৰিটিছ আমোলৰ ভূমি আইনৰ ১০ নং অনুচ্ছেদ অন্তৰ্ভূক্ত হৈছে, যেনে কাৰ্বি আংলংত সম্পূৰ্ণ ষষ্ট অনুসূচীত এলেকা য’ত ১০নং অনুচ্ছেদ মানে সেই এলেকাত কেৱল জনজাতি মানুহৰহে ভূমিৰ অধিকাৰ আছে কিন্তু বিটিচি চুক্তি মতে ইয়াত ১০নং অনুচ্ছেদ প্ৰযোজ্য নহ’ব। পৰিৱৰ্তনশীল ষষ্ট অনুসূচীত এলেকাত সাধাৰণ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লক এলেকাও থাকিব পাৰে। ষষ্ট অনুসূচীত এলেকাত ট্ৰাইবেল বেল্ট ব্লক যে থাকিব পাৰে এইটো সংবিধানৰে বিষয় বস্তু হয়, সাংসদ দিলীপ শইকীয়াই হয়তো সংবিধানৰ এইখিনি বস্তু অৱগত নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ এলেকাত প্ৰথম আৰু দ্বিতীয় নাগৰিক সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংসদ গৰাকীয়ে কয় যে জন জাতি, অনুসূচীত জন জাতি আদি জনগোষ্ঠী অনুন্নত জাতি আৰু অনুন্নত জাতি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীতেই পৰে, সংবিধানে এই অনুন্নত জাতি সমূহক উন্নত জাতিলৈ আনিবলৈ সংবিধানপদত্ত আইনেই আছে। ইয়াত যদি দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে তেন্তে জন জাতি খিলঞ্জীয়া সকলোৱে আছে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰত পূৰ্ববংগীয় লোকক উচ্ছেদ কৰা হ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে UPPL চৰকাৰ থকা লৈকে কোনো উচ্ছেদ নহয়।
সাংসদগৰাকীয়ে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ সংগঠিন ভেঁটি বহুত মজবুত হৈছে বুলি সদৰী কৰি দাবী কৰে যে এইবাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটো বি পি এফৰ দখলৰ পৰা ইউ পি পি এলৰ দখলত আহিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.