31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    স্বাস্থ্য মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ অসম আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ ; কেবাদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

    গুৱাহাটী ,২২ ডিচেম্বৰ : অসম চৰকাৰৰ নৱনিযুক্ত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ আমন্ত্ৰণ ক্ৰমে অসম আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ এটা সজাতি দলে আজি দিছপুৰৰ জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে। সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাসৰ নেতৃত্বত যোৱা সজাতি দল আৰু মন্ত্ৰীৰ মাজত এক গুৰুত্বপূৰ্ণ তথা সৌহাদপূৰ্ণ আলোচনা হয়।

    সজাতি দলটোৱে মন্ত্ৰী অশোক সিংহলক সন্থাৰ ফালৰ পৰা কেবাদফীয়া আয়ুৰ্বেদিকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। আলোচনা কালত আয়ুৰ্বেদিক চিকিৎসকৰ খালী পদ সমুহ পূৰণ কৰা, অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা, স্নাতকোত্তৰ ভাট্টা , আয়ুৰ্বেদিক কাউঞ্চিল পুনৰ্গঠন কৰা আদি দাবী সমূহ গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। মন্ত্ৰী সিংহলে দাবী সমুহৰ প্ৰতি নিজৰ সহমৰ্মিতা প্ৰকাশ কৰি আলোচনাৰ মাধ্যমৰে সমাধান কৰিব বুলি মত প্ৰকাশ কৰে । সজাতি দলটোত সন্থাৰ বিষয়ববীয়া ক্ৰমে – ডাঃ সনাতন কলিতা, ডাঃ অতুল ডেকা, ডাঃ মুকুল ঠাকুৰীয়া আৰু ডাঃ জ্যোতিৰ্ময় চৌধুৰী উপস্থিত আছিল । সাক্ষাৎ কালত সন্থাৰ ফালৰ পৰা মন্ত্ৰী গৰাকীক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.