সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দাবীত জ্যেষ্ঠ সাংবাদিক স্নেহাকৰ চক্ৰৱৰ্তীৰ চাইকেল যাত্ৰা
সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ সাংবাদিক সকলৰ মত বিনিময় কৰি সাংবাদিক সকলৰ আৰ্থ সামাজিক আৰু শাৰীৰিক নিৰাপত্তা লৈ সাংবাদিক সকলৰ মাজত সজাগতা অনাৰ প্ৰয়াসৰ বাবে এই যাত্ৰা বুলি মন্তব্য কৰে চক্ৰৱৰ্তীয়ে।
বিশ্বনাথ জিলাৰ পৰা চাৰিজন সতীৰ্থৰ সৈতে সন্ধিয়া প্ৰায় ৬ বজাত বান্দৰদেৱাত চাইকেল চলাই আহি উপস্থিত হয় সাংবাদিক চক্ৰৱৰ্তী।
বান্দৰদেৱা প্ৰেছ ক্লাব আৰু হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ বান্দৰদেৱাত সম্বৰ্ধনা জ্ঞাপন কৰে সাংবাদিক চক্ৰৱৰ্তীক।
সাংবাদিকৰ সুৰক্ষা আৰু ন্যায় প্ৰাপ্তিৰ বাবে বিগত ১১ বছৰ ধৰি সদৌ অসম বাৰ্তাজীৱী সংঘই কৰা যুজখনৰ বাবেই পেঞ্চন,চৰকাৰী অনুজ্ঞাপত্ৰ পোৱাৰ উপৰিও সাংবাদিকৰ বাবে অসম চৰকাৰে কিছুমান কাম সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থত কৰিবলৈ বাধ্য হৈছে ৷
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ
Leave a Reply