Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

সমুৎকৰ্ষ মহাশিৱিৰৰ প্ৰস্তুতি বৈঠক অনুষ্ঠিত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অহা ২৯ ৰ পৰা ৩১ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বৰ্ণাঢ্য সমুৎকৰ্ষ মহাশিৱিৰ আয়োজনৰ যো-জা চলিছে। আজি বিয়লি ২বজাত সৰুসজাইস্থিত ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিশাল আয়োজনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত সমুৎকৰ্ষ মহাশিৱিৰ উদযাপন সমিতিৰ সভাপতি ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ অধ্যক্ষতাত সভা অনুষ্ঠিত হয়। সভাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰীয়ে সমুৎকৰ্ষ মহাশিৱিৰ আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে।

পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীয়ে উপস্থিত কৰ্মকৰ্তাসকলক বিভাগ আবণ্টন কৰে। শিশু শিক্ষা সমিতি,অসমৰ সাংগঠনিক সম্পাদক নীৰৱ ঘেলানীয়ে কৰ্মকৰ্তা সকলক নিজ নিজ ক্ষেত্ৰত পৰিকল্পিত ভাবে আগবাঢ়িবলৈ প্ৰেৰণা যোগায়। ইয়াৰ পিছতেই সমুৎকৰ্ষ মহাশিবিৰৰ ল’গ’ আৰু আনুষ্ঠানিক ভিডিঅ’ উন্মোচন কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ঘোষ বাদন কৰিব। ইয়াৰ লগে লগে প্ৰদৰ্শনী, শাৰীৰিক, পঞ্চপদী সংস্কাৰযুক্ত শিক্ষা, শিশু মেলা ইত্যাদি বিষয়সমূহ সামৰি লোৱা হ’ব।


উল্লেখ যোগ্য যে ৩১ জানুৱাৰী তাৰিখে সমাপন কাৰ্যসূচীৰ বাবে অসমৰ লগতে বাকী সাতোখন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী আৰু চৰকাৰী বিষয়াক নিমন্ত্ৰণ কৰা হৈছে। এই সমাপন অনুষ্ঠানত প্ৰায় ৩০ হাজাৰ দৰ্শকৰ উপস্থিতি আশা কৰা হৈছে। সভাত অসম প্ৰকাশন ভাৰতীৰ সম্পাদক দীপাংকৰ বৰা, শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী প্ৰমুখ্যে বিদ্যা ভাৰতীৰ বিষয়ববীয়াসকলৰ উপৰিও ভালেসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে।

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °