Friday, May 16, 2025
25.1 C
Guwahati

শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ কভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ ৰঙাপৰাঃ ৰাজ্যজুৰি অব্যাহত থকা বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযানৰ অংশস্বৰূপে শোণিতপুৰ জিলাত ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা কেইবাটাও কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ এটা কেন্দ্ৰত আজি শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে পৰিদৰ্শন কৰে আৰু ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়।

আজি দিনৰ ১ বজাত ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুলাপাদুং চাহ বাগিচা কেন্দ্ৰীয় চিকিৎসালয়ত উপস্থিত হৈ ৰাইজৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে আৰু টীকাকৰণ অভিযান সুচাৰুৰূপে আগবঢ়াই নিব পাৰি তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তই বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কয় যে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া ২৪ হেজাৰ ভেকচিন প্ৰদানৰ বিপৰীতে কালি শোণিতপুৰ জিলাত একে দিনাই ২৫ হেজাৰ ভেকচিন প্ৰদান কৰা হৈছে।যোৱা ২১ তাৰিখৰ পৰা আজি পৰ্যন্ত শোণিতপুৰ জিলাত ৪৫ হেজাৰৰো অধিক ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু আজি পৰ্যন্ত সমগ্ৰ জিলাত প্ৰায় ৩ লাখ ২০ হেজাৰ ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে।

আজি জিলা উপায়ুক্তৰ লগত উপস্থিত থাকি বাগিছা সমুহৰ চিকিৎসা পৰিদৰ্শক ডঃ প্ৰদীপ লহকৰে সংবাদ মাধ্যমক অঞ্চলটোৰ প্ৰায় ৪০ খন চাহ বাগিচাত ভেকচিন প্ৰদান সন্তোষজনক বুলি উল্লেখ কৰে। আজিৰ উপায়ুক্তৰ পৰিদৰ্শন কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী আৰু এপিজে সমুহ চাহ বাগিচাৰ পৰিচালক সকল উপস্থিত থাকে।

- Advertisement -

Hot this week

Watch Awesome Kate Halle Go Full Wiming Pro in the Bahamas

Find people with high expectations and a low tolerance...

The Biggest Hollywood Celebrities Visit the Ranches of California

Find people with high expectations and a low tolerance...

Ultimate Guide to Vienna’s Coffee Renaissance Packed in One Weekend

Find people with high expectations and a low tolerance...

The Most Popular Celebrity Name List of the Millennium is Here

Find people with high expectations and a low tolerance...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds