বিশ্ব ঐতিহ্যত স্থান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ৷
প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে ?
ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্যপ্ৰাণী সমূহ সংকটৰ গৰাহত ৷
বন বিভাগে অহৰহ পহৰা ব্যৱস্থা কৰি আহিছে বন বিভাগে।
ইফালে পূৰ্বৰ তুলনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ প্ৰৱেশ কৰি
চোৰাংচিকাৰীয়ে গড়ঁ হত্যা কৰি খৰ্গ কাটি নিয়াৰ লগতে গঁড় হত্যা কৰাৰ বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷
দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মী সকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ৷
ইফালে এই সমগ্ৰ ঘটনা ওপৰত
এজন সাংস্কৃতিক কৰ্মীয়ে জনসাধাৰণৰ ওচৰত উপস্থাপন কৰিবলৈ এক সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এক পৰিকল্পনায়ে এখন পূৰ্ণদৈৰ্ঘৰ কথা ছবী নিৰ্মান কৰি উলিয়াইছে৷
কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথাছবিখনৰ প্ৰ’ম’ মুকলি কৰা হয়৷
শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয়ৰ শ্বহীদ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰা উক্ত ছবি খনত অভিনয় কৰিছে কেইবাজনো নবীন প্ৰবীন অভিনেতা অভিনেত্ৰীয়ে৷ পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইন |
নাজিৰাৰ:পাৰ্থ প্ৰতিম বৰুৱা