শিৱসাগৰত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা

♦ ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাটনৰ অভিযোগ।

ঘটনাটো সংঘটিত হৈছে শিৱসাগৰ জিলাৰ বাকচু খেলুৱা গাঁৱত। হৰেন গগৈ ওৰফে দৌ দোকানী নামৰ এজন দোকানীৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী নিৰ্যাটনৰ জঘন্য ঘটনা।

মৰ্টন দিয়াৰ চলেৰে দোকানৰ ভিতৰত শৰীৰৰ গোপন অংগত হাত দিয়াৰ অভিযোগ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ।

আনহাতে দুজনী নিজ কন্যা সন্তান থকা পাছতটো কিদৰে এই লম্পতটোৱে এনেকুৱা জঘন্য কাণ্ড সংঘটিত কৰিবলৈ পাৰিলে তাকে লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে হৰেন গগৈৰ বিৰুদ্ধে চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

চেৰেকাপাৰ আৰক্ষীয়ে দোষীক আটক কৰি শিৱসাগৰৰ সদৰ থানালৈ প্ৰেৰণ কৰে।

এনেধৰণৰ দুষ্ট প্ৰকৃতিৰ লোকক প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ শাস্তি প্ৰদান কৰিব? নে আইনৰ সুৰুঙা বিচাৰি মুকলি আকাশৰ তললৈ ওভতি আহিবলৈ সক্ষম হ’ব, সেইয়া সময়ত লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.