শাওণ মহীয়া গ্ৰাম্যাঞ্চলত কৃষকৰ ব্যস্ততা…

Nagaon(Assam), June 29 : Assamese women busy in planting paddy seedlings in their agricultural field in Telia-Pahukata village in Nagaon district of Assam, India on Wednesday. A farmer is also making the soil suitable for cultivation in the paddy field. The arrival of monsoonal rain has also helped the farmers in cultivation process. Photo by Diganta Talukdar (File Photo)

শাওণ মহীয়া গ্ৰাম্যাঞ্চলৰ কৃষক ব্যস্ত কৃষি পথাৰত, লাকুৱাৰ লোণপুৰীয়া গাঁৱতো একেই পৰিৱেশ, কৃষক ব্যস্ত ভূঁই ৰোৱাত। দুহালকৈ বলধ গৰুৱে হাল বায় পালন কৰিছে ন ভূঁই।

শাওণ মাহ, ব্যস্ততাৰ যেন সীমা নাই গ্ৰাম্যাঞ্চলৰ কৃষিজীৱি লোকৰ।গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী কৃষিজীৱি লোক পুৱাৰে পৰা ব্যস্ত কৃষি পথাৰত নিজৰ মাটিডৰা চহাই ভূঁই ৰোৱাত।
লাকুৱাৰ লোণপুৰীয়া গাঁৱৰ কৃষিপথাৰত প্ৰতিগৰাকী কৃষিজীৱি লোকৰ যেন এতিয়া ব্যস্ততাৰ সীমা নাই।এই লোণপুৰীয়া গাঁৱৰ কৃষি পথাৰত দেখিবলৈ পোৱা গ’ল গ্ৰাম্যাঞ্চলৰ এক প্ৰকৃত ছবি।দুহালকৈ বলধ গৰুৱে একেলগে চহাই গৈছে মাটি।
পুৱাই লোণপুৰীয়া গাঁৱৰ কৃষি পথাৰলৈ ওলাই আহিল হালোৱা,ৰোৱানীৰ লগতে গাঁওখনৰ কেইজনমান যুৱকো।যান্ত্ৰিকতাৰ যুগত দুহালকৈ বলধ গৰুৱে লোণপুৰীয়া গাঁৱৰ কৃষিপথাৰত এফালৰ পৰা নাঙলৰ শিৰলুৱে চহা গৈছে মাটি ডৰা। তাৰ সমান্তৰলকৈয়ে কেইজনমান যুৱকে কোৰে আঁচ কোৰা, মৈ দিয়া কামত ব্যস্ত হৈ পৰিছে।সমানে সমানে গাঁওখনৰ কেইগৰাকীমান জীয়ৰী, বোৱাৰী অৰ্থাৎ ৰোৱনী ব্যস্ত ভূঁই ৰোৱাত। ৰোৱনী সকলে ভূঁই ৰোৱাৰ সমান্তৰালকৈ চাহ জলপানৰ জুতি লোৱাৰ লগতে বিহুগীত গায়ো ব্যস্ত হৈ পৰিছে ভূঁই ৰোৱাত।
যান্ত্ৰিকতাৰ যুগত এক সুন্দৰ গ্ৰাম্যাঞ্চলৰ প্ৰকৃত ছবি প্ৰতিবছৰে দেখিবলৈ পোৱা যায় লাকুৱাৰ লোণপুৰীয়া গাঁৱত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.