31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    মুম্বাইত লোক নৃত্য প্ৰতিযোগিতাত জোনাক নয়নী কাশ্যপৰ শ্ৰেষ্ঠ স্থান লাভ

    গুৱাহাটীঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা জুলাই মাহত নেভ ইভেণ্টেছ এণ্ড এণ্টাৰটাইমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক নিউটন হাজৰিকাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় আৰু দ্বাদশ সংখ্যক ৰাষ্ট্ৰীয় আৰ্ট ইনষ্ট্ৰুমেণ্ট যোগ, সংগীত আৰু নৃত্য প্ৰতিযোগিতা উৎসৱ “সংস্কৃতি সংগম”ত অসমৰ জোনাক নয়নী কাশ্যপে অংশগ্ৰহণ কৰি লোকনৃত্যত (বিহু) শ্ৰেষ্ঠ বঁটা লাভ আৰু আধুনিক নৃত্যত প্ৰথম স্থান লাভ কৰিছিল।

    লোকনৃত্যত (বিহু) শ্ৰেষ্ঠ বঁটা অৰ্জন কৰাৰ বাবে মুম্বাইত ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত “MUMBAI CARNIVAL 2024” লৈ তেওঁ নিৰ্বাচিত হয়। মুম্বাইত অনুষ্ঠিত হোৱা “MUMBAI CARNIVAL 2024 ” ত জোনাক নয়নী কাশ্যপে পুনৰ লোকনৃত্য প্ৰতিযোগিতাত বিহু নৃত্য কৰি শ্ৰেষ্ঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। মুম্বাইত শ্ৰেষ্ঠ বঁটা অৰ্জন কৰাৰ বাবে তেওঁক পুনৰ “DUBAI CARNIVAL 2025” লৈ নিৰ্বাচিত কৰা হয়।

    উল্লেখ্য যে জোনাক নয়নী কাশ্যপ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত শিঙাৰপাৰা অঞ্চলৰ হেমন্ত শৰ্মা আৰু ৰশ্মিৰেখা দেৱীৰ একমাত্ৰ কন্যা। বৰ্তমান জোনাক নয়নী কাশ্যপে বাইহাটা চাৰিআলিৰ সমীপৰ শিঙাৰপাৰা অংকুৰণ শান্তি নিকেতনৰ অষ্টম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.