Asom Khobor Digital Desk 21 Seb::
কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়া সকলৰ ৰাজ্যিক সন্মিলনত ভাগলৈ মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল অসমৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়া সকলক এইদৰে কঠোৰ সকিয়নী দিয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ নহ’লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দি দালাল দেখিলেই মই থপিয়াই আনিম বুলি দিছিল সকিয়নী । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল সময় থাকোতেই দাদাল সকলক গামোচা পিন্ধা ই বিদায় দিয়ক কাৰ্যালয় পৰা ।
তাৰ পাছতে তৎপৰ হ’ল অসম আৰক্ষী মাটিৰ দালালৰ বিৰুদ্ধে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সকিয়নীৰ পাছতেই প্ৰতিখন জিলাতেই সোমবাৰে নিশা
মাটিৰ দালালৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিল অসম আৰক্ষী ৷
দালালৰ বিৰুদ্ধে মাৰাথন গতিত সোমবাৰৰ নিশাৰ পৰা চলাই গ’ল ইটোৰ পাছত সিটো অভিযান ৷
একেটা নিশাতে কামৰূপ, বৰপেটা, নলবাৰী, শিৱসাগৰ, বিশ্বনাথ লখিমপুৰকে ধৰি ৰাজ্যৰ সকলো জিলাতেই মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান জালত পৰিল বাঘা বাঘা নেতা পালিনেতা লগতে তথাকথিত সাংবাদিক আৰু বিজেপি নেতা।
আনহাতে অসমত মাটি দালালি গ্ৰেপ্তাৰ হোৱা পাছতে অভিযোগ উত্থাপিত হৈছে অসমৰ ডি টি অ অফিচৰ পৰা কেতিয়া মুক্ত হ’ব দালালি তাক প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে পাৰিব নে মুখ্যমন্ত্ৰীয়ে উক্ত দালালি সমূহ গ্ৰেপ্তাৰ কৰিবলৈ সেইটো সময়ত স্পষ্ট হ’ব।
Leave a Reply