Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বিশ লক্ষাধিক ভক্তৰ সমাগমে তৃতীয় বৰ্ষতে বৈকুণ্ঠ পুৰীত পৰিণত ৭ দিনীয়া বৰুৱাবাৰী ৰাস মহোৎসৱ সফল সমাপ্তি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

সকলোৰে মুখে মুখে প্ৰচলিত নাম বৰুৱাবাৰী ৰাস মহোৎসৱ সফল সামৰণিৰ কথা
বৃহত্তৰ লেঙা কুৰুৱা, খলিহৈ দুমুনিচকী, উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলৰ ৰাইজৰ মূখে মূখে বৰুৱাবাৰী ৰাস মহোৎসৱ কথা

মহাপুৰুষ বিৰচিত কেলি গোপাল নাট, মানৱ ৰাস, নাট্যাভিনয় মহিলা নাগাৰা নাম, অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীৰ গীত পৰিৱেশন, আধুনিক নৃত্য প্ৰতিযোগিতা আনন্দ মেলাই ৰাইজ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বৰুৱাবাৰী ৰাস মহোৎসৱৰ বাকৰি

কামৰূপ আৰু দৰং জিলাৰ সংগমস্থলী ব্ৰহ্মপুত্ৰ আৰু বৰনদীৰ পাৰত প্ৰকৃতিৰ অপৰূপ মনোৰম পৰিবেশত প্ৰয়াত লাহিৰাম কাকতি ক্ষেত্ৰত ১৫ নৱেম্বৰৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা বৰুৱাবাৰী ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে। ৰাসৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৰাসধজ্বা উত্তোলন কৰে ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি হৰেণ দাসে।

শ্বহীদ তৰ্পণ কৰে প্ৰধান সম্পাদক বসন্ত কুমাৰ কাকতিয়ে, ৰাসৰ মুখ্য দ্বাৰ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ঈশাঙ্কুৰ শইকীয়াই। ৰাসৰ কাৰ্যসূচী সমূহৰ বিভিন্ন সময়ত উপস্থিত থাকে অসমৰ চিৰসেউজ অভিনেতা প্ৰাঞ্জল শইকীয়া, দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম চৰকাৰৰ দুলীয়াজান নুমলীগড় পাইপ লাইনৰ অধ্যক্ষ, বিজয় কুমাৰ গুপ্তা, অসমৰ মুখ্যমন্ত্ৰীৰ কাৰিকৰী পৰামৰ্শ দাতা কালি চান্দ সেন, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিত ডেকা, প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰীড়া সংগঠক বিনোদ শৰ্মা, সাংস্কৃতিক সংগঠক প্ৰাণজিত শইকীয়া, অৰ্থনৈতিক আৰু পৰিসংখ্যা বিষয়া আৰিফ আহমেদ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে অসম চৰকাৰৰ ভুমি সংৰক্ষণ বিভাগৰ সঞ্চালক চন্দন ৰঞ্জন দাস, অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক জয়ন্ত কুমাৰ নাথ, ছিপাঝাৰৰ বিশিষ্ট সমাজকৰ্মী কুলদ্বীপ বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সামাজিক মাধ্যম সংখ্যালঘু মৰ্চাৰ সহ আহ্বায়ক খাইৰুল আহমেদ,সমাজ সেৱিকা তথা উত্তৰ গুৱাহাটী নগৰ সমিতিৰ পাৰিষদ অনামিকা ডেকা, কুৰুৱা অঞ্চলৰ সমাজকৰ্মী মণ্টু দাস, মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অচ্যুত দাসকে আদি কৰিব বহু গণ্য মান্য লোকৰ উপস্থিতিৰে বৰুৱাবাৰী ৰাস মহোৎসৱৰ সফল সামৰণি পৰে। ৰাস মহোৎসৱত পৰিচালনাৰ ক্ষেত্ৰত গঠন মুলক দিহা পৰামৰ্শ সহায় সহযোগিতা,দান বৰঙণি আগবঢ়াই কৃতাৰ্থ কৰা, দৰং জিলা প্ৰশাসন, ছিপাঝাৰ আৰক্ষী চকী আৰু কুৰুৱা আৰক্ষী চকীৰ লগতে সমূহ ভক্ত প্ৰাণ ৰাইজক বৰুৱাবাৰী ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ অন্যতম কাৰ্য্যকৰী সভাপতি বাবুল ছেত্ৰীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি, অজ্ঞাত ভুল ক্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °