31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠান উদ্ভাৱনা পৰিষদ, জিলা আইন সেৱা প্ৰাধিকাৰী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ যুটীয়া উদ্যোগত বনাঞ্চল সুৰক্ষা সজাগতা অনুষ্ঠান

    বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠান উদ্ভাৱনা পৰিষদ, জিলা আইন সেৱা প্ৰাধিকাৰী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ যুটীয়া উদ্যোগত বনাঞ্চল সুৰক্ষা সজাগতা অনুষ্ঠান

    আজি বিশ্বনাথ মহাবিদ্যালয়ত বিশ্বনাথ জিলা আইন সেৱা অধিকাৰীৰ উদ্যোগত বন্যপ্ৰাণী আৰু বনাঞ্চল সুৰক্ষা সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তা মণি শৰ্মাই উদ্বোধন কৰে। বিশ্বনাথ জিলাৰ আইন সেৱা অধিকাৰীৰ সচিব আব্দুছ ছাট্টাৰ, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ আঞ্চলিক বন বিষয়া যতীন্দ্ৰ মোহন দাস আৰু খণ্ড বন বিষয়া ৰাজু গগৈ উপস্থিত থাকি কেনেদৰে বনাঞ্চল সুৰক্ষা কৰিব লাগে, কেনেধৰনৰ উদ্যোগ লব লাগে সেই সম্পৰ্কে ছাত্ৰছাত্ৰী সকলৰ লগত মতবিনিময় কৰে।

    বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠান উদ্ভাবনা পৰিষদৰ সভানেত্ৰী তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা দীপজ্যোতি নাথে আঁত ধৰা উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বনাঞ্চল, বন্যপ্ৰাণী সুৰক্ষা বিয়ক এখনি “বক্তৃতা” প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। উক্ত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দীপাংকৰ শইকীয়া, বিশ্বনাথ জিলাৰ পেনেল লয়াৰ দেবীকা বৰা আৰু অৰুণ দাস। উক্ত বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বক্তৃতা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে বিচিত্ৰ কুমাৰ ভুঞাঁ (ৰাজনীতি বিজ্ঞান বিভাগ) কৰবী কাকতি (ভূগোল বিভাগ) আৰু শ্ৰুতি অগস্তি (বুৰঞ্জী বিভাগ)।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.