31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিত ৰঞ্জু হাজৰিকাৰ ৭৬ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি “অসম সাহিত্য সেৱা মঞ্চ “ৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন

    "অসম সাহিত্য সেৱা মঞ্চ"ৰ সম্পাদক প্ৰেম বৈষ্ণৱে নিজে ডিব্ৰুগড়ত উপস্থিত হৈ অনুষ্ঠানিক ভাবে পাচঁগৰাকী কবিক সন্মান-সহকাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

    “অসম সাহিত্য সেৱা মঞ্চ “ৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন খন বিশ্বনাথ চাৰিআলিৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উক্ত অধিবেশনখনি ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৭৬ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। অধিবেশনত উপস্থিত থাকিব পৰা নোৱাৰা কিছু নিমন্ত্ৰিত কবি সকলক সদৌ বিশ্বনাথ চাৰিআলিৰ পৰা “অসম সাহিত্য সেৱা মঞ্চ”ৰ সম্পাদক প্ৰেম বৈষ্ণৱে নিজে ডিব্ৰুগড়ত উপস্থিত হৈ অনুষ্ঠানিক ভাবে পাচঁগৰাকী কবিক সন্মান-সহকাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

    সম্বৰ্ধিত কবি সকল ক্ৰমে ৰাজশ্ৰী সেনাপতি গগৈলৈ “আধ্যাত্মিক বিশ্লেষক সন্মান-২০২৫”, কবি উৰ্বশী মৰাণলৈ “সাহিত্য সুষমা সন্মান-২০২৫”, কবি দীপালী শইকীয়ালৈ কাব্য সন্মান ২০২৫”, কবি বৃষ্টি হৰিস্মৃতি বৰুৱা লৈ সাহিত্য জ্যোতি সন্মান-২০২৫, ৰূপালী গগৈ চুতীয়ালৈ “সাহিত্য জ্যোতি সন্মান-২০২৫” লাকী শৰ্মা দলেলৈ, নৃত্য-পটু সন্মান-২০২৫ আগবঢ়াই।

    সম্পাদক প্ৰেম বৈষ্ণৱে সম্বৰ্ধনা জনাই মত ব্যক্ত কৰি কয় যে এই সকল সক্ৰিয় এডিমন, মডাৰেটৰ, সদস্য সকলে তেওঁলোকৰ মঞ্চ জিপাল কৰি তুলিছিল। তেওঁলোকে বিভিন্ন শিতান চলাই সমাজৰ আগত এক বিৰল কাৰ্য্য বাবে তেওলোকলৈ কৃতজ্ঞতা জনাইছে।

    ৰাজশ্ৰী সেনাপতি গগৈয়ে শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক সুন্দৰ ভাৱে বিশ্লেষণ কৰি সাধাৰণ আৰু সৰল ভাষাত পাঠকৰ আগত উপস্থাপন কৰি যায় আৰু বৰ্তমান উৰ্বশী মৰাণে কীৰ্তন ঘোষা পদে পাঠকলৈ সন্ধিয়াৰ ওলগ জনাই, দীপালী শইকীয়াই শুভৰাত্ৰি শিতান লগতে বিভিন্ন শিতানে মঞ্চৰ সমৃদ্ধি বৃদ্ধি কৰে।


    অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা প্ৰত্যেক গৰাকী সন্মানীয় কবিলৈ মৰম আৰু সন্মান প্ৰদান কৰাৰ লগতে অভিনন্দন জনায়। কবি সকলেও অসম সাহিত্য সেৱা মঞ্চৰ এই মৰম আৰু সন্মান দেখি বহুত আপ্লুত হোৱাৰ লগতে মঞ্চখনৰ দীৰ্ঘায়ু কামনা কৰে।

    https://www.facebook.com/share/v/15h7TQTPns/

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.