শেহতীয়া আপডেটঃ

বিগত বৰ্ষৰ তুলনাত কমিল ৫০ শতাংশ মাছঃ দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰ, উখল-মাখল পৰিবেশ বিলৰ পাৰত

আজাৰাঃ বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত আজিৰে পৰা সোৱাদৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ সুনাম থকা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। অৱশ্যে এই মাছ ধৰা উৎসৱ ব্যক্তিগত ভাবে নহয় শৃংখলাবদ্ধভাবে আৰম্ভ হৈছে দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলৰ উন্নয়নৰ হকে কাম কৰি অহা দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত। এই সন্দৰ্ভত সমিতিৰ উপদেষ্টাদ্বয় প্ৰদীপ দাস আৰু নীৰেন চন্দ্ৰ দাস, সভাপতি গোলক দাস (১) আৰু সম্পাদক গোলক দাসে (২) জানিবলৈ দিয়া মতে জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। যাতে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাবে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে।

কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হিৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮২৫ টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই পৰিয়াল সমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে। তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত যাবতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয়। এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে। সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম-কাজ সমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে।

আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ কিছু নিলগত থকা শ্ৰী কৃষ্ণ মন্দিৰত কালি বিয়লি স্থানীয় আয়তী সকলে নাম – প্ৰসংগ পৰিৱেশন কৰে। আনহাতে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত আজাৰাৰ দিশত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মাছ কিনিবলৈ যান- বাহন লৈ পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত হাজাৰ হাজাৰ লোকে বিলৰ পাৰত ভীৰ কৰা পৰিলক্ষিত হৈছে। সকলোৰে লক্ষ্য এটাই বিলৰ পাৰতে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰা। আনহাতে কিছু সংখ্যক মাছমৰিয়াই মাছ সমূহ বিক্ৰীৰ বাবে নিকটবৰ্তী গধুলি বজাৰলৈ আনিছে। কিন্তু দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে। স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে। বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি মাছ বিলত নাওঁ লৈ যোৱা মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষ সমুহৰ তুলনাত প্ৰায় ৫০ শতাংশ মাছ কমকৈ পৰিছে। যাৰ বাবে মাছমৰীয়া সকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে পূৰ্বৰ তুলনাত গ্ৰাহকে অধিক ধন ভৰি মাছ ক্ৰয় কৰিবলগীয়া হৈছে। এই সমূহীয়া মাছ ধৰা পৰ্ব আগন্তক মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব বুলি দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.