বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 

অসম খবৰ ১ নৱেম্বৰ :

অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ভবেশ কলিতা নিৰ্বাচিত হোৱাৰ পিছত সোমবাৰে সমগ্ৰ অসমৰ প্ৰতিটো মণ্ডলে অনুষ্ঠিত হয় বিজেপি দলটোৰ কাৰ্যনিৰ্বাহ সভা ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখন ঘগ্ৰাপাৰস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় ।

বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ সহ প্ৰভাৰী বিতোপন ৰাই দিহিংগীয়া,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকা আৰু বিজয় বৰ্মন,
সহ সম্পাদক সোণমণি শৰ্মা,মৃগেন শৰ্মা,বুবুল দাস,কনক ভড়ালী, মণ্ডল সহ প্ৰভাৰী কমল ৰাজবংশী, শক্তি কেন্দ্ৰৰ আহ্বায়ক মনেশ্বৰ ভড়ালী আদি কেইবাজনো নেতাই অংশ লয় । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মনোজ ডেকাই আতধৰা কাৰ্যনিৰ্বাহক সভা খনত আগন্তুক দিনত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ অন্তৰত বিজেপি দল সোমাবলৈ বিভিন্ন ৰণকৌশল তৈয়াৰ কৰে । সভাৰ আৰম্ভণিতে বিজেপিৰ পতাকা উত্তোলন কৰে মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।

প্ৰেৰক : ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.