পৰ্বতঝোৰা জিলা বিজেপিৰ কৰ্ম-কৰ্তা সকলৰ মাজত পৰ্য্যলোচনা সভা

● গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখঃ শাসনাধিষ্ঠি বিজেপি চৰকাৰৰ কাৰ্য্যকালত বিভিন্ন ধৰনৰ উন্নয়ন মূলক কাম-কাজ আদিৰ লগতে দূৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰ লগতে ড্ৰাগছ অভিযানৰ বিৰুদ্ধে যি অভিযান হাতত লৈছে তাৰ পৰিপেক্ষিতত প্ৰতিখন জিলাৰ মণ্ডল পৰ্য্যায়ত বিজেপিৰ কৰ্ম-কৰ্তা সকলোৰ মাজত পৰ্য্যলোচনা কৰাৰ বাবে এখন সভা অনুষ্ঠিত বাবে।

তেনে সময়তে অসম  চৰকাৰৰ নিৰ্দেশমৰ্মে আজি বি টি আৰৰ পৰ্বতঝোৰাৰ জিলাৰ যোগমায়া ঘাটৰ ৰাজহুৱা ভৱন প্ৰেক্ষাগৃহত পৰ্ব্বতঝোৰা জিলাৰ বিজেপি মণ্ডলৰ কাৰ্য্যনিৰ্বাহকৰ এখন পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়।  উক্ত সভা খনত পৰ্ব্বতঝোৰা  জিলাৰ বিজেপি মণ্ডল সভাপতি সৰ্বেশ্বৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত গৌৰীপুৰ সমষ্ঠিৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বনেন্দ্ৰ কুমাৰ মুছাহাৰী, কোকাৰাঝাৰ জিলা বিজেপিৰ উপ-সভাপতি ৰাজ কুমাৰ ব্ৰহ্ম আদিকে ধৰি বিজেপিৰ বহুতো কৰ্মী উপস্থিত থাকে।

বিজেপি চৰকাৰৰ কাৰ্য্যকালত ড্ৰাগছ, মানব দেহৰ বিভিন্ন অংগৰ ব্যবসায়ী, গো-মাফিয়া, বিভিন্ন ধৰনৰ ছিণ্ডিকেট আদি বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰাৰ বিষয়ে সভাখনত আলোচনা কৰা হয়।

কোনো ধৰণৰ অনৈতিক কাৰ্য্যৰ লগত জড়িত ব্যক্তিক ৰেহাই দিয়া নহ’ব বুলি প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সমিতিৰ সদস্য বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.