31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    পাণ্ডুঘাট বিসৰ্জন কমিটিৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

    মালিগাঁওঃ গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে। এইবেলিও ১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল সমুহৰ বিজয়ী সকলক আজি মালিগাঁও পাণ্ডৱ নগৰস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হয়।

    এই উপলক্ষে পাণ্ডুঘাট বিসৰ্জন কমিটিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ দিয়ে কাৰ্যকৰী সভাপতি কমল দে’ই আৰু আঁত ধৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ভাষণ প্ৰসংগত পাণ্ডুঘাট বিসৰ্জন সমিতিয়ে বহু বছৰ ধৰি এক ব্যতিক্ৰমী ধৰণেৰে অতি শৃংখলাবদ্ধভাৱে দেৱী প্ৰতিমা বিসৰ্জনৰ মাজেৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা কথাটোৰ শলাগ লয়।

    অনুষ্ঠানত হেমন্ত চৌধুৰীয়ে সমিতিয়ে বঁটা প্ৰদানৰ লগত সংগতি ৰাখি অজন্ত কুমাৰ বৈশ্যৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘ দশমী’ৰ ত্ৰয়োদশ সংখ্যাটো উন্মোচন কৰাৰ লগতে বিজয়ী সকলক বঁটা সমূহ প্ৰদান কৰে। অনুষ্ঠানত গুৱাহাটী মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত কাকলি পাটগিৰী, সমাজ সেৱিকা নিয়তি দে, সমাজ সেৱক পিয়াল শংকৰ দে, সাংস্কৃতিক কৰ্মী বিপুল ভৰালীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

    উল্লেখ্য যে এইবেলি পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জনৰ সময়ত বিচাৰকে ঘোষণা কৰা ফলাফল অনুসৰি পাণ্ডুৰ নিউ কলনীৰ আজাদ হিন্দ ক্লাৱ দুৰ্গা পূজা উদযাপন সমিতিয়ে প্ৰথম স্থান লাভ কৰি বন্ধুৰাম কলিতা সোঁৱৰণি আৰু প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ এক লাখ টকাৰ বঁটা, পাণ্ডুৰ একাউণ্টছ কলনী পূজা উদযাপন সমিতিয়ে দ্বিতীয় স্থান লাভ কৰি ৭৫ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ ৭৫ হাজাৰ টকাৰ আৰু গোপাল দে সোঁৱৰণি বঁটা, পাণ্ডু পুৰণি ষ্টেচন কলনী দুৰ্গা পূজা উদযাপন সমিতিয়ে তৃতীয় স্থান লাভ কৰি ৫০ হাজাৰ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানী আৰু নিদ্ৰাপ্ৰভা লহকৰ সোঁৱৰণি বঁটা লাভ কৰিছে। তেনেদৰে পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজা উদযাপন সমিতিয়ে চতুৰ্থ , পাণ্ডু কলেজগেটৰ সনাতন দেৱালয় পূজা সমিতিয়ে পঞ্চম, আদাবাৰী তিনিআলিৰ কামাখ্যা নগৰ পূজা সমিতিয়ে ষষ্ঠ, গড়চুক পূজা উদযাপন সমিতিয়ে সপ্তম, মালিগাঁও সতী জয়মতী নগৰৰ আমিসা আৱাসিক পূজা সমিতিয়ে অষ্টম, পাণ্ডু লকো কলনীয়ে নৱম আৰু পাণ্ডু ষ্টেচন কলনীয়ে দশম স্থান কৰি বিভিন্ন দাতাই প্ৰদান কৰা বঁটা লাভ কৰিছে। আনহাতে আমিসা আৱাসিক পূজা সমিতিয়ে শ্ৰেষ্ঠ ঢাকিৰ সন্মান লাভ কৰি এক লাখ টকাসহ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ বঁটা, আজাদ হিন্দ ক্লাৱ পূজা সমিতিয়ে দ্বিতীয় শ্ৰেষ্ঠ ঢাকিৰ সন্মান লাভ কৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ ৭৫ হাজাৰ টকাসহ বঁটা, কামাখ্যা নগৰ পূজা সমিতিয়ে তৃতীয় শ্ৰেষ্ঠ ঢাকিৰ সন্মান লাভ কৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ ৫০ হাজাৰ টকাসহ বঁটা লাভ কৰিছিল। আনহাতে এইবেলি শ্ৰেষ্ঠ মিডিয়া বঁটা লাভ কৰিছিল টেলিভিছন চেনেল নিউজ লাইভে। তেওঁলোকক সমাজকৰ্মী ভাইটি চৌধুৰীয়ে পাঁচ হাজাৰ টকা প্ৰদান কৰে। তেনেদৰে পাণ্ডুঘাটত দেৱী প্ৰতিমা বিসৰ্জনৰ সময়ত যানবাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জালুকবাৰী আৰক্ষী থানাৰ যানবাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শক ৰঞ্জিত সিং আৰু লেন্স নায়ক দীপক স্বৰ্গীয়াৰীক বিশেষ বঁটা, পাণ্ডুৰ যুৱ সমাজকৰ্মী অচ্যুৎ ৰাজবংশীক বিসৰ্জনৰ সময়ত প্ৰদৰ্শন কৰা উৎকৃষ্ট সেৱাৰ বাবে প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.