নাগালেণ্ডত কৰ্মৰত ৰঙিয়াৰ যুৱক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু
নাগালেণ্ডৰ জিৰোত সংঘটিত এই ঘটনা।
হঠাৎ পাহাৰৰ এটা অংশ খহি পৰাত থিতাতে মৃত্যু হয় যুৱকজনৰ। মিন্টুল ডেকা নামৰ ২৪ বছৰীয়া যুৱকজনে ফ’কলেণ্ডৰ ড্ৰাইভাৰ ৰূপে কৰ্মৰত আছিল।
ৰঙিয়াৰ মধুকুছিত ঘৰ আছিল যুৱকজনৰ।
কেষ্টন ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাত কৰ্মৰত আছিল মিন্টুল ডেকা।বৰ্তমানেও মৃতদেহ আহি পোৱা নাই।ইতিমধ্যে ৰঙিয়া থানাই সকলোপক্ষৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। অতি গৰীৱ পৰিয়ালৰ কমবয়সীয়া যুৱক মিন্টুল ডেকাৰ এই খবৰে সমগ্র অঞ্চলযুৰি শোকৰ ছা পৰিছে।
ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৰিপ’ৰ্ট
Leave a Reply