নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত গিৰিধৰ শৰ্মা স্মৃতি দিৱস পালন

♦নলবাৰী : ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই দেখুৱাই যোৱা পথৰ এগৰাকী অক্লান্ত পূজাৰী আছিল গিৰিধৰ শৰ্মা । চিৰ চেনেহী মোৰ ভাষা জননীৰ পূজাৰী হিচাপে ব্যাকৰণ, ভাষা আৰু সাহিত্যৰ একনিষ্ঠ সাধক হৈ বহুকেইখন মূল্যৱান গ্ৰন্থ উপহাৰ দি গিৰিধৰ শৰ্মাই ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে আমাক গৌৰৱান্বিত কৰিছে । এই বক্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰদ্বাৰা ১০ মে’ত আয়োজিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক তথা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গিৰিধৰ শৰ্মাৰ ৪৫ সংখ্যক স্মৃতি দিৱসত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ লগতে গিৰিধৰ শৰ্মাৰ সাহিত্য চেতনাই যুগে যুগে আমাক অনুপ্ৰাণিত কৰিব বুলি দোহাৰে ।


নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা আৰু জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনত আয়োজিত এই অনুষ্ঠানটোত গিৰিধৰ শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলক পাঠকে ভাষণ দি কয় যে গিৰিধৰ শৰ্মাই অসমত সাহিত্য সংগঠন কৰাৰ লগতে সাহিত্য আৰু শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিছিল । অনুষ্ঠানত বিশিষ্ট শিক্ষাব্ৰতী–কবি ধ্ৰুৱজ্যোতি তালুকদাৰেও স্মৃতি তৰ্পণ কৰি প্ৰাসংগিক ভাষণ দিয়ে । এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা, সাহিত্য সেৱক নৱদীপ বৰকটকী প্ৰমুখ্যে কেবাগৰাকী সাহিত্যপ্ৰাণ লোকে ভাগ লয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.