নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ নিগমৰ অধ্যক্ষ পদ

অৱশেষত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ নিগমৰ অধ্যক্ষ পদ

অৱশেষত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক অসম বৃক্ষৰোপণ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিলে। নলবাৰী জিলা বিজেপিৰো প্ৰাক্তন সভাপতি অশোক শৰ্মাক ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদবীত স্থলাভিষিক্ত কৰাত উফুল্লিত হৈ পৰিছে তেওঁৰ সমৰ্থক আৰু শুভাকাংক্ষীসকল।

উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত অশোক শৰ্মাক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰাক লৈ নলবাৰীত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ বিপৰীতে অশোক শৰ্মাই দলৰ নীতিতে খামোচ মাৰি থাকি নিৰবে আছিল। তেওঁৰ সমৰ্থকসকলে ভাবিছিল নতুন চৰকাৰে তেওঁক কোনো গুৰুত্বপূৰ্ণ পদ দিব। কিন্তু অশোক শৰ্মা এইক্ষেত্ৰত আছিল একপ্ৰকাৰ নিস্পৃহ। অৱশেষত তেওঁক চৰকাৰে বৃক্ষৰোপণ উন্নয়ন নিগমৰ অধ্যক্ষ পদ প্ৰদান কৰিলে। ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে অৰ্পিত দায়িত্ব সুকলমে পালন কৰাৰ চেষ্টা কৰিব বুলি সংবাদ মাধ্যমৰ’ ৰ আগত প্ৰকাশ কৰে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*