নলবাৰীত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, উপস্থিত হৈ কভিড পৰিস্থিতিৰ বুজ

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰী: ৰাজ্যত প্ৰতিদিনেই সম্পন্ন কৰা হ’ব ১ লাখ কোভিড টেষ্ট। এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে নলবাৰী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কোভিড পৰিস্থিতিৰ বুজ লৈ সাংবাদিকৰে হোৱা কথা-বতৰাত এনেদৰে মন্তব্য প্ৰকাশ কৰে।

একেদৰে, নলবাৰীত অতিশীঘ্ৰে অক্সিজেন প্লান্ট আৰম্ভ হোৱাৰ লগতে জিলাখনত ১০ খন ‘আই চি ইউ বেড’ থাকিব বুলি প্ৰকাশ কৰে।


উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চৰকাৰী চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.