দুধনৈৰ চেঁচাপানী পশু চিকিৎসালয়ৰ বিধ্বস্ত অৱস্থাঃ পুণৰ্নিমান কৰিবলৈ দাবী ৰাইজৰ 

♦অসম চৰকাৰে গ্ৰাম্যঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থ ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰা বহু পশু চিকিৎসালয়ৰ অৱস্থা বৰ্তমানে পুতৌলগা হৈ পৰিছে৷ উদাহৰণস্বৰপে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমান্তৰ চেঁচাপানী পশু চিকিৎসালয়ৰ কথাকে ক’ব পাৰি৷ চেঁচাপানীত ১৯৮৮ চনতে চৰকাৰে স্থাপন কৰিছিল এখন পশুপালন আৰু পশু চিকিৎসালয়৷ সম্প্ৰতি চেঁচাপানীৰ উক্ত পশু চিকিৎসালয় খনৰ আবাস গৃহ সমূহ ভাঙি-ছিঙি বিধ্বস্ত ৰূপ লৈছে৷

ফলস্বৰূপে চিকিৎসালয় খনলৈ চিকিৎসক আহে যদিও কৰ্তব্য পালন কৰি ঘৰলৈ উভতি যাৱলগীয়া হৈছে৷ উল্লেখ্য যে, চেঁচাপানী পশুপালন আৰু পশু চিকিৎসালয়ৰ চৌহদত তিনিটাকৈ আৱাস গৃহ নিৰ্মাণ কৰা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষ তথা বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে গৃহবোৰ ভাঙি ছিঙি গোহালিত পৰিণত হৈছে৷ সেয়েহে পশুধনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা বৰ্তমানৰ চৰকাৰ খনক দুধনৈৰ সীমান্তবৰ্তী পশু চিকিৎসালয় খনৰ আৱাস গৃহ সমূহ পুণৰ নিৰ্মাণ কৰি চিকিৎসালয়খনত চিকিৎসক থকাৰ ব্যৱস্থা কৰি চহা কৃষকক উপকৃত কৰিবলৈ আহ্বান জনাইছে চেঁচাপানীৰ ৰাইজে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.