Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ আয়োজন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীৰ গাড়ীগাঁওস্থিত জালুকবাৰী জাতীয় বিদ্যালয়ৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে অহা ৪ আৰু ৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৪ জানুৱাৰীত পুৱা ৮.৩০ বজাত মুখ্য তোৰণ মুকলিৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰিব পাটাচছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খনিন্দ্ৰ নাথ তালুকদাৰে। ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ৯.৩০ বজাত অনুষ্ঠিত হবলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব অসম বন বিদ্যালয়ৰ সঞ্চালক ডিম্পী বৰাই। বিয়লি ২ বজাৰ পৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ – ছাত্ৰীৰ সমাৰোহ আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। ৫ জানুৱাৰীত পুৱা ১০ বজাত মুকলি সভা অনুষ্ঠিত হব। সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। বিয়লি ৪ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে ৰূপালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কমল কলিতাক সভাপতি, ডাঃ ভবেশ দাসক কাৰ্যকৰী সভাপতি, অৰবিন্দ আৰন্ধৰাক মূখ্য সম্পাদক, দেবেন দাস আৰু অৰূপ তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। সমিতিয়ে ৰূপালী জয়ন্তী উৎসৱৰ কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, শুভাকাংক্ষী সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °