শেহতীয়া আপডেটঃ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

জালুকবাৰীঃ আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) ৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত হৈ যায়। ‘আয়ুৰ্বেদৰ শেহতীয়া অগ্ৰগতি’ (Recent Developments in Ayurveda) শীৰ্ষক বিষয়ৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা কেইবাজনো আয়ুৰ্বেদিক চিকিৎসক তথা বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। ৯ নৱেম্বৰত পুৱা অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মুখ্যমন্ত্রী সচিবালয়ৰ সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মনন এছ, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব জোৎস্না মেধি পাটগিৰি, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব তথা আয়ুষ বিভাগৰ সঞ্চালিকা ডঃ ইন্দ্ৰনষী দাস, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰনৱজ্যোতি বৈশ্য, ভাৰতীয় চিকিৎসা পদ্ধতিৰ ৰাষ্ট্ৰীয় আয়োগৰ প্ৰতিনিধি ডাঃ ৰজনী নায়াৰ, সেৱা ভাৰতীৰ ডাঃ সুৰেন্দ্ৰ টালখেলকাৰ, নিপকোৰ সঞ্চালক ডাঃ বিমল অচৱাল, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচ’, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী, কামৰুপ মহানগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয় মেধি উপস্থিত থাকে।

আনহাতে এই উপলক্ষে ডাঃ নমিতা বৈশ্য আৰু ডাঃ পল্লৱী বৰাই আঁত ধৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত পাঠ কৰা গৱেষণা পত্ৰ সমুহ তথা অন্যান্য বিষয় সামৰি ডাঃ পংকজ কলিতাৰ সম্পাদনাত ‘সম্বোধি’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজক সমিতিৰ সম্পাদক ডাঃ বিশ্বজিত দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত উপস্থিত অসম চৰকাৰৰ শীৰ্ষ বিষয়া সকলে জনসাধাৰণে গুনগত মানৰ আয়ুৰ্বেদিক চিকিৎসা লাভ কৰাৰ ওপৰত গুৰত্ব আৰোপ কৰে আৰু ৰাজ্য চৰকাৰে আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষা প্ৰনালীৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহ আলোকপাত কৰে। অসমৰ লগতে ভাৰতবৰ্ষৰ ১৯ খন ৰাজ্যৰ পৰা অহা ৩ শতাধিক প্ৰতিনিধিয়ে কৰ্মশালাত যোগদান কৰা গবেষক আৰু গবেষক ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰায় ১৫০ খন গৱেষণা পত্ৰ পাঠ কৰা হয়। ভাৰতৰ খ্যাতনামা আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ হৃষিকেশ বালকৃষ্ণ মেত্ৰে, ডাঃ পি মুৰুলীকৃষ্ণ, ডাঃ সমীৰ এন নাইক, ডাঃ মহেশ সাৱালাগিমঠ, ডাঃ মহেশ প্ৰকাশ দেশপাণ্ডে আদিয়ে আয়ুৰ্বেদিক চিকিৎসা বিভিন্ন দিশ সমুহৰ ওপৰত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে।

১০ নৱেম্বৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহাল, মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব ধৰ্মানন্দ বৰুৱা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰনৱজ্যোতি বৈশ্য, আয়োজক সমিতিৰ সভাপতি অধ্যাপক ডাঃ খগেন বসুমতাৰী, আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস উপস্থিত থাকে। আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে আয়ুৰ্বেদৰ পূৰাতন সূত্ৰ সমুহৰ আধাৰত কিদৰে বৰ্তমান সময়ত বৈজ্ঞানিক দৃষ্টিভংগীৰে সেই সমুহৰ বিশ্লেষণ কৰি জনগনৰ সেৱাত প্ৰয়োগ কৰিব পাৰি এই আলোচনা চক্ৰখনে তাৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.