31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত সোণতলা প্ৰাথমিক বিদ্যালয়ত টাইলছ লগোৱা আৰু ছাঁদ মেৰামতি কাৰ্য সম্পন্ন

    আজাৰাঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ান মুখ্য কাৰ্যালয়ে বাহিনীটোৰ সামাজিক দায়বদ্ধতা আৰু জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বিগত সময়চোৱাত বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমূহত ৰাইজ-শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি ৰাণীৰ পৰা কিছু নিলগৰ মিৰ্জাৰ কাষৰীয়া ৭৬৯ নম্বৰ সোণতলা প্ৰাথমিক বিদ্যালয়ত ৪ জানুৱাৰীত শিক্ষাৰ্থী সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে বিদ্যালয়ৰ মজিয়াত টাইলছ লগোৱাৰ লগতে ছাঁদখনৰ মেৰামতি কাৰ্য সম্পন্ন কৰা হয়। আনহাতে বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী আৰু বহুসংখ্যক অভিভাৱকৰ উপস্থিতিত ছাদ মেৰামতি আৰু টাইলছ লগোৱা কাৰ্যৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই।

    এই উপলক্ষে বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ মালীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই ভাষণত বেটেলিয়ানৰ ফালৰ পৰা বিগত সময়চোৱাত সামাজিক দায়বদ্ধতা আৰু জনহিতকৰ কাৰ্যসূচীৰ অধীনত বৃহত্তৰ অঞ্চলটোত সৌৰ শক্তি চালিত লাইট বিতৰণ, দক্ষতা বিকাশৰ প্ৰশিক্ষণ, খেলৰ সামগ্ৰী বিতৰণ, যাত্ৰীৰ জিৰণি চৰা নিৰ্মাণ, বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, বিদ্যালয়ত চাইকেল ষ্টেণ্ড নিৰ্মাণকে ধৰি ৰাইজ আৰু শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ কেনে ধৰণৰ কাম কৰি অহা হৈছে তাৰ বিশদ বাখ্যা দাঙি ধৰে। আনহাতে অনুষ্ঠানত সোণতলা গাঁওৰ গাঁও প্ৰধান অৱনীকান্ত নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, আন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ চেকেণ্ড-ইন-কমাণ্ড অমিত সিনহা, চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱ, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ কুমাৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া আৰু অধীনস্থ বিষয়া উপস্থিত থাকে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.