বিশ্বনাথৰ ,৯নৱেম্বৰঃ চতিয়াৰ দক্ষিণ মুড়াদল গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমতা গাওঁৰ চাওঁতাল সকলৰ বাবে উপাসনা গৃহ মাঝিথান নিৰ্মাণৰ বাবে এককালিন ৰাজসাহায্য অনুমোদন লাভ কৰিছে৷ আজি অনুষ্ঠিত হোৱা উদ্ধোধনী সভাত দক্ষিণ মূড়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিলীপ সেনাপতিয়ে এনৰেগা আচনিৰ অধীনস্ত ৪ লাখ ৭৪ হেজাৰ টকা ব্যায় সাপেক্ষে নিৰ্মাণ হবলগীয়া মাঝিথান নিৰ্মাণৰ বাবে আনুষ্ঠানিক শুভ উদ্ধোধন কৰে ৷
অনুষ্ঠানত চাওঁতাল সমাজৰ মাঝি (মুখিয়াল) শিৱ মাৰ্ডি , নদুৱাৰ ব্লক পাৰগানা বাবুৰাম বেশ্ৰা,বিজেপি নেতা জগত বৰা ,স্থানীয় পঞ্চায়ত সদস্য ৰাম আলে , অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ৷
চাওঁতাল জনগোষ্ঠীটোৰ হকে বিজেপি মিত্ৰজোঁট চৰকাৰখনে উন্নয়নমুলক কাম কৰাৰ পদক্ষেপ গ্ৰহন কৰাৰ বাবে চৰকাৰখনৰ লগতে স্থানীয় পঞ্চায়তৰ সভাপতি সহ পঞ্চায়ত সদস্য সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বৰমতা গাওঁৰ চাওঁতাল সমাজ আৰু চাওঁতাল বিষয়ববীয়া সকলে ৷