আলফা (স্বাঃ) কেডাৰ কেপ্তেইন হিমালয় অসমক গ্ৰেপ্তাৰ

 

 

আলফা (স্বাঃ) মোক্ষম আঘাত ।


তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চল সমূহত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান।

অসম আৰক্ষী আৰু ১৯ নং আসাম ৰাইফলছৰ এটা অভিযানকাৰী দলে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত অভিযান চলাই আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ কেপ্তেইন যোগেন মিলি (৪৬) ওৰফে হিমালয় অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আলফা স্বাধীনৰ সদস্য গৰাকীয়ে ১৯৯৬ চনতে আলফাত যোগদান কৰিছিল বুলি সূত্ৰ প্ৰকাশ।
সদস্য গৰাকী শাৰীৰিক ভাৱে অসুস্থতাৰ বাবে চিকিৎসাৰ কাৰণে ওলাই আহিছিল।
সেই সময়তে অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে সদস্য গৰাকীক প্ৰেপ্তাৰ কৰা তথ্য প্ৰকাশ ।

আলফা স্বাধীনৰ সদস্য গৰাকীৰ পৰা কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী তথা নথি-পত্ৰ উদ্ধাৰ হোৱা নাই যদিও সদস্য গৰাকীৰ গ্ৰেপ্তাৰত আলফা স্বাধীনত এক প্ৰকাৰে মোক্ষম আঘাত পৰিছে যে সেই প্ৰায় নিশ্চিত ।

আলফা সদস্য গৰাকীয়ে ম্যানমাৰত থকা আলফাৰ GHQৰ পৰা স্বাস্থ্যজনিত কাৰণত শিবিৰ এৰি অহাৰ বিপৰিতে নিজ পত্নী কন্যাক ম্যানমাৰ শিবিৰতেঢ় এৰি থৈ আহিছে বুলি জানিব পৰা গৈছে।

আটকাধীন সদস্য গৰাকীক সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.