31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ দায়িত্বত পুনৰবাৰ দূৰ্গা বড়ো

    গুৱাহাটীঃ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে, আনহাতে পুনৰবাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে আই এছ এলৰ প্ৰাক্তন ফুটবলাৰ দূৰ্গা বড়োৱে। শুকুৰবাৰে সন্ধিয়া অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্থাৰ বাৰ্ষিক সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নবীন প্ৰবীন ফুটবলাৰে অংশগ্ৰহণ কৰিছিল। প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ হেম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক চাৰি বছৰৰ বাবে নতুন কমিটি গঠন হয়।

    য’ত সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ক্ৰমে জুৱেল বে আৰু দূৰ্গা বড়োয়ে। নতুন সমিটিৰ মুখ্য উপদেষ্টা হল হেম দাস। কাৰ্য্যকৰী সভাপতি হল আৰমান আলি আৰু কোষাধাক্ষ হিচাপে নিৰ্বাচিত হৈছে বিজয় বৰগোহাঁই। গজেন দাস যুটীয়া সম্পাদক আৰু যুটীয়া কোষাধাক্ষৰ দায়িত্বত আছে অশোক ৰামচিয়াৰী। সন্থাৰ ৭ গৰাকী উপ সভাপতি হল ক্ৰমে ইজাজুল্লাহ, মুন্না চেত্ৰী, গিৰিন্দ্ৰ ৰাভা, জনক বসুমতাৰী, জিতু চেত্ৰী, ত্ৰিদিপ খাউন্ড আৰু বাবু সিং। নতুন কমিটিত ৭ গৰাকী কাৰ্য্যনিৰ্বাহক সদস্য ও আছে। নতুন সমিটিয়ে ৰাজ্যজুৰি ফুটবলৰ বিকাশৰ বাবে কেবাটাও আঁচনি গ্ৰহন কৰিছে। ইফালে নেহৰু ষ্টেডিয়ামতে দিনৰ ভাগত অনুষ্ঠিত হৈছিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ প্ৰয়াত টচেন বড়া, ৰমেশ ফুকন,উৎপল বসুমতাৰী, দূৰ্গা চেত্ৰী, কুল বাহাদুৰ থাপা আৰু শিৱ গগৈৰ স্মৃতিত এখন প্ৰদৰ্শনীমূলক খেল। য’ত প্ৰাক্তন ফুটবল খেলুৱৈ দলে ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাৱক ১-০ গলত পৰাস্ত কৰে। খেলখন প্ৰত্যক্ষ কৰিছিল প্ৰবীন খেলুৱৈ অৰুন বৰঠাকুৰ, দেবাশীষ ৰায়, স্বাধীন ডেকাৰজা, পৰেশ কাকতি, ডম্বৰু খনিকৰ মতিলাল দাস, অচিৎ দাস, বাহাৰুল ইছলাম, কিশোৰ চেত্ৰীৰ লগতে আন বহু জনে। সন্থাই অসম ৪ গৰাকী ক্ৰীড়া সাংবাদিক ক্ৰমে পবিত্ৰ গগৈ, পুলিন সাহা, বিপুল বৰ্মন আৰু উদয় বৰগোহাঁইক সম্বৰ্ধনা জনায়।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.