31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী

    ● ৰঙাপৰা◆ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।

    উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি।

    অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পুৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।

    চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তীকালীন সাহা‍ৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।

    উল্লেখ্য যে, শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।

    চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল, কিন্তু পুনৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে। কাৰন চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হব বুলি ঘোষণা কৰিছিল।

    কিন্তু আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে।

    যোৱা তিনিটা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.