

১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহট্ট জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকায়স্থৰ পৰিয়ালে পৰৱৰ্তী কালত কাছাৰ জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। যুৱ অৱস্থাতে তেতিয়াৰ ভাৰতীয় জনসংঘত যোগদান কৰা কবিন্দ্ৰ পুৰকায়স্থই বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দলৰ স্বাৰ্থত তেওঁ এখন বিদ্যালয়ৰ অধ্যক্ষৰ পদ ত্যাগ কৰি সম্পূৰ্ণৰূপে দলীয় কাম-কাজত মনোনিৱেশ কৰিছিল। ১৯৯১ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নির্বাচিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী আছিল।





