31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ আৰম্ভ

    গুৱাহাটীঃ চলিত সপ্তাহত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বৰলুইত প্ৰডাকচনৰ বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ। উল্লেখ্য যে, ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ অহা ২০ দিনৰ ভিতৰত যোৰহাট জিলাৰ তিতাবৰৰ সমীপত সম্পূৰ্ণ কৰা হ’ব। ইতিমধ্যে চুটি ছবিৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰস্থিত বৰলুইত প্ৰডাকচনে শেহতীয়াকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ দিশত আগবাঢ়ি প্ৰডাকচন হাউছটোৰ বাবে এক নতুন অধ্যায়ৰ পাতনি মেলিছে।


    মন কৰিবলগীয়া যে, ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ দৰে বহুল প্ৰশংসিত চুটি ছবিৰ বাবে পৰিচিত বৰলুইত প্ৰডাকচনে ‘ডিফলু’ৰ জৰিয়তে প্ৰথমবাৰ খোজ পেলাইছে পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণত। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ গভীৰ মিশ্ৰণেৰে নিৰ্মাণ কৰিবলগীয়া এই ছবিখনে ছবিপ্ৰেমী দৰ্শকক এক অনন্য স্বাদ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
    অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব অৰুণ নাথ, মৃদুলা বৰুৱা, অৰুণ হাজৰিকা আৰু পূৰ্ণদা হাজৰিকাৰ দৰে প্ৰবীন অভিনেতা-অভিনেত্ৰীক। ইয়াৰ উপৰিও ‘ডিফলু’ত অভিনয় কৰিছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীৱ দুৱৰী, অংকুৰ বৈদ্য, অনিৰ্বান কলিতা, কণিকা নাথ, প্ৰিয়াংশী কাশ্যপ, জ্যোতিষ্মান বৰা, দিব্য প্ৰতিম ভাগৱতী, দেৱজিৎ বৰা, প্ৰবাল বৰা আৰু নিলোফৰ নাজবিন আদিৰ দৰে ন-পুৰণি কলা-কুশলীয়ে।
    ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে; আৰু চিত্ৰনাট্য আৰু সংলাপ লিখিছে দেৱজিৎ বৰাই। উত্তম কলিতাৰ চিনেমাট’গ্ৰাফীয়ে অসমৰ মনোৰম গ্ৰাম্য সৌন্দৰ্য্যক কেমেৰাৰ ফ্ৰেমত বন্দী কৰিবলৈ সক্ষম হৈছে। জেকিবৰ সংগীত আৰু আৱহ সংগীতে জীপাল কৰি তুলিছে ছবিখনৰ প্ৰতিটো দৃশ্য। উল্লেখ্য যে, জেকিব হৈছে এই ছবিখনৰ প্ৰযোজকো। উদয় শংকৰৰ নৃত্য পৰিচালনাই বৰ্ণনাটোত এক আকৰ্ষণীয় আৰু সুন্দৰ উপাদান যোগ কৰিছে। অন্যহাতে ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জীতুল ৰাজবংশী আৰু তেওঁক সহযোগ আগবঢ়াইছে দেৱাশীষ ডেকা আৰু আফিৰন নিশাই। ছবিখনৰ সাজ-সজ্জাত আছে জুৰি কলিতা আৰু মেক-আপত আছে পিজুমণি শৰ্মা, প্ৰডাকচন চম্ভালিছে উৎপল কলিতাই। ইফালে ‘ডিফলু’ৰ জনসংযোগ আৰু ছ’চিয়েল মিডিয়া পৰিচালনাৰ দায়িত্বত আছে গুৱাহাটীস্থিত জনসংযোগ আৰু প্ৰচাৰ ব্যৱস্থাপনা পৰামৰ্শদাতা লাইফছ পাৰ্পল।


    মৌলিক অসমীয়া কাহিনীৰ পৰ্দাত সাৱলীল উপস্থাপনেৰে ইতিমধ্যে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা বৰলুইত প্ৰডাকচনে এইবাৰ তেওঁলোকৰ প্ৰথমখন পূৰ্ণাংগ অসমীয়া ছবি ‘ডিফলু’ৰ জৰিয়তে দৰ্শকক এক নতুন সোৱাদ দিবলৈ আগবাঢ়িছে। এই প্ৰডাকচন হাউচৰ পূৰ্বৰ সৃষ্টিসমূহে সমাজৰ প্ৰাঞ্জল চিত্ৰণ আৰু অসমীয়া সংস্কৃতিৰ গভীৰ উপলব্ধিৰ বাবে ছবিপ্ৰেমী আৰু সমালোচক উভয়ৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত ভুমুকি মৰা বৰলুইত প্ৰডাকচনে ‘ডিফলু’ৰ জৰিয়তে মনোৰঞ্জন প্ৰদানৰ সমান্তৰালভাৱে অঞ্চলটোৰ চহকী ঐতিহ্য আৰু সময়ৰ প্ৰেক্ষাপটত সমসাময়িক সংঘাতক উজ্বল কৰি তুলি দৰ্শকক এক অনন্য অভিজ্ঞতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
    ২০২৫ চনৰ গ্ৰীষ্মকালত মুক্তি পাবলগীয়া এই ছবিখনে ইতিমধ্যে প্ৰদৰ্শন কৰিছে দৰ্শকৰ হৃদয় জয় কৰাৰ ক্ষমতা। ‘ডিফলু’ৰ প্ৰাণৱন্ত চৰিত্ৰ, মধুৰ হাস্যৰস আৰু গভীৰ আৱেগিক ৰঙে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় চুব। আধুনিকতা আৰু পৰম্পৰাৰ মাজৰ উত্তেজনাৰ মাজেৰে চৰিত্ৰসমূহৰ ব্যক্তিগত যাত্ৰাক এনেদৰে চিত্ৰিত কৰা হৈছে যে কেৱল অসমৰ পৰিসীমাতে নহয়, ছবিখনে দেশৰ আন প্ৰান্তৰ দৰ্শকৰ মনতো গভীৰ ছাপ পেলাবলৈ সক্ষম হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds