31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

    লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

    চিপিআই এমে আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু পলিটব্যুৰো সদস্য প্রকাশ কাৰাট, বৃন্দা কাৰাট, নিলোৎপল বসু আৰু তপন সেনে নতুন দিল্লীত এই ইস্তাহাৰ মুকলি কৰে। দলে ইস্তাহাৰত চহকী শ্ৰেণীৰ ওপৰত কৰ, উত্তৰাধিকাৰ কৰ আৰু সাধাৰণ সম্পত্তি কৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰা, ব্যক্তিগত খণ্ডত সংৰক্ষণ, নিৰ্বাচনৰ বাবে চৰকাৰী পুঁজি আহৰণ তথা ৰাজনৈতিক দলসমূহে উদ্যোগজগতৰ পৰা লাভ কৰা বৰঙণিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ আৰোপৰ বিষয়সমূহ সামৰি লৈছে।

    চিপিআই এমে ইস্তাহাৰত কৈছে যে, দলটো কামৰ অধিকাৰক সাংবিধানিক অধিকাৰৰূপে অন্তর্ভুক্ত কৰিবলৈ বদ্ধপৰিকৰ। দলে লগতে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইন, ক’লা ধন বৈধকৰণ আইন প্রত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইস্তাহাৰ মুকলি কৰি শ্ৰীয়েচুৰীয়ে কয় যে, দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ধৰ্ম নিৰেপেক্ষ গাঁথনি অধিক শক্তিশালী কৰি তুলিব । তেওঁ লগতে জনসাধাৰণক শাসকীয় বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটসমূহক পৰাভূত কৰি কেন্দ্ৰত এখন বিকল্প চৰকাৰ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.