▶️ শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ’লে ৰাজ্য চৰকাৰে সন্মান সহকাৰে তেওঁৰ নশ্বৰদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব।
▶️ ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰত প্রতিবেদন লাভ কৰাৰ পাছত মৃতকক ৰাজ্যলৈ ঘূৰাই অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
▶️ অসম চৰকাৰে সত্যাসত্য নিৰূপণ কৰি নশ্বৰদেহৰ অন্তিম সংস্কাৰৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
▶️ সুচল পৰিবহণৰ বাবে বাহনৰ লগতে অন্যান্য আনুষ্ঠানিকতাও নিশ্চিত কৰা হ’ব।
▶️ জনসাধাৰণে ৯১৮১০-১৪৮৮৮ নম্বৰত হোৱাটছএপ কৰি নাইবা ০৩৬১-২৩৮১৫১১ আৰু ২৩৮-১১১২ নম্বৰত ফোন কৰি দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।





