জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক জেৰা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী ছুইটি দাস, সাংবাদিক প্ৰণয় বৰদলৈ, সাংবাদিক সাৰস্বত গোস্বামীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চতুৰ্থবাৰলৈ জেৰা কৰে। এছ আই টিয়ে গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ গ্ৰহণ কৰে।

এই ঘটনা সন্দৰ্ভত চলি থকা তদন্তৰ মাজতে চি আই ডি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনক শনিবাৰে বদলি কৰে। জয়ন্ত বৰ্মনৰ স্থানত জ্যেষ্ঠ আৰক্ষী বিষয়া উপেন কলিতাক এই দায়িত্ব অর্পণ কৰা হৈছে।

ইফালে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে আজি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰা কৰিছিল। কিন্তু গৰিমা গাৰ্গে এই প্রতিবেদন আৰক্ষীক ওভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত ঘটনাৰ ন্যায় বিচাৰ দাবীৰে প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।




