দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰে’লৱে যাত্ৰী সকলৰ বাবে সু-খবৰ। উত্তৰ পূৱ সীমান্ত ৰে’লৱে সপ্তাহিক উৎসৱ বিশেষ ৰে’ল চলাচল ঘোষণা কৰিছে। যিসকল ব্যক্তিয়ে ৰে’লেৰে যাত্ৰা কৰে সেই সকলৰ বাবে এই সু খবৰ। অহা ১৮ ছেপ্তেম্বৰৰ পৰা ২ নম্বেবৰলৈ সাপ্তাহিক উৎসৱ বিশেষ ৰে’ল খন চলাচল কৰিব। পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যৰে এই বিশেষ সেৱা আগবঢ়াইছে ৰে’ল বিভাগে। নিউ তিনিচুকীয়া আৰু SMVT বেংগালুৰুৰ মাজত এই সপ্তাহিক উৎসৱ বিশেষ ৰেল চলাচল কৰিব। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ঘোষণা অনুসৰি, ৰে’ল নং 05952 (নিউ তিনিচুকীয়া–SMVT বেংগালুৰু) প্ৰতিটো বৃহস্পতিবাৰে সন্ধ্যা ৬ বাজি ৪৫ মিনিটত তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি দেওবাৰে পুৱা ৯বাজি ৩০ মিনিটত বেংগালুুৰুত উপস্থিত হ’ব।
ইপিনে ৰে’ল নং 05951 (SMVT বেংগালুুৰু–নিউ তিনিচুকীয়া) প্ৰতিটো দেওবাৰে ২১ ছেপ্টেম্বৰ পৰা ২ নৱেম্বৰলৈ নিশা ১১বাজি ৫০ মিনিটত বেংগালুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে আবেলি ৪ বাজি ২৫ মিনিটত নিউ তিনিচুকীয়াত উপনীত হ’ব। এই উৎসৱ বিশেষ ৰেলখনে ডিব্ৰুগড়, ধেমাজি, উত্তৰ লাখিমপুৰ, হাৰমুটি, ৰঙাপৰা নর্থ, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিশনগঞ্জ, মালদা টাউন, বর্ধমান, খড়গপুৰ, ভুবনেশ্বৰ, বিজয়ৱাড়া আৰু কাতপাডি আদি গুৰুত্বপূর্ণ ষ্টেচনত ৰ’ব। AC 3-tier আৰু শ্লীপাৰ শ্ৰেণীসহ মুঠ ২০টা কোচ থকা এই ৰেলখনে দীঘলীয়া যাত্ৰীসকলৰ বাবে উৎসৱকালীন সময়ত বহুত সহায়কাৰী হ’ব বুলি আশা কৰা হৈছে। উত্তৰ পূৱ সীমান্তৰ ৰে\’লৱে যাত্ৰীসকলক IRCTC-ৰ ৱেবচাইট আৰু নিজস্ব চৰকাৰী ছ’চিয়েল মিডিয়া হেণ্ডলসমূহ পৰীক্ষা কৰি সময়সূচী, ষ্টেচনসমূহ আৰু টিকট সংৰক্ষণ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য জানিবলৈ অনুৰোধ জনাইছে।




