অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ‘সাহসী বঁটা’ প্ৰদান

গুৱাহাটীঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই অসম আৰক্ষীৰ মহা পৰিদৰ্শক, এছ টি এফৰ মুৰব্বী ডঃ পাৰ্থ সাৰথি মহন্তক তেঁও সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছে সাহসী বঁটা। আজি বিয়লি গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সদৌ টাই আহোম ছাত্ৰ সন্থাই শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত উদযাপন কৰা সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ অনুষ্ঠানত আৰক্ষী মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক এই বঁটা প্ৰদান কৰা হয়।

এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, পাটৰ চেলেং, এটা ড্ৰেগন, এখন হেংদান, মুগাৰ চাপকন আৰু মুগাৰ পাগ। ইফালে সন্থাৰ সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডঃ পাৰ্থ সাৰথি মহন্তক বঁটা প্ৰদান কৰে শ্বহীদ মাতৃ মৃণালকান্তি গগৈয়ে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, এন আৰ এলৰ সঞ্চালক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সাংবাদিক শোণিত ভূঞা, সন্থাৰ সাধাৰণ সম্পাদকদ্বয় দিগন্ত চাংমাই আৰু অচ্যুত বৰগোহাঁইসহ ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*