জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান

গুৱাহাটীঃ আজি জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক ডঃ অভিজিত দত্তদেৱ৷ তেওঁৰ লগত দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষিয়িত্ৰী ক্ৰমে শোমা বিশ্বাস আৰু মালবিকা দাসো উপস্থিত থাকে৷ অনুষ্ঠানটোত উপস্থিত থাকি দত্তদেৱে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি, বৰ্তমান সময়ত অভিভাৱকৰ শিশুৰ প্ৰতি ল’ব লগা শাৰীৰিক আৰু মানসিক যতন আৰু শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ লগত থকা সম্পৰ্কৰ বিষয়ে এক সাৰুৱা ভাষণ আগবঢ়ায়৷


অনুষ্ঠানটোত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নাটক-নৃত্যৰ পৰিৱেশন কৰি অনুষ্ঠানটোক বৰ্ণাঢ্য ৰূপ দিয়াৰ লগতে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে৷ অনুষ্ঠানৰ শেষত দুয়োখন স্কুলৰ শিক্ষয়িত্ৰীসকলে পৃথকে পৃথকে কৰা শাস্ত্ৰীয় নৃত্যই দৰ্শকসকলৰ লগতে অনুষ্ঠানটোৰ সোণত সুৱগা চৰায় আৰু ছাত্ৰ-ছাত্ৰীসকলকো প্ৰেৰণা যোগায়৷ অনুষ্ঠানটিৰ আঁত ধৰে ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ জ্যোতিকুছিৰ শিক্ষয়িত্ৰী পাপিয়া ঘোষ আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰিয়াংশু সেন, মাহী গুপ্তা, অৰ্ণৱ দেৱনাথ, লাকী হালৈয়ে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*