গুৱাহাটঃ অনা চৰকাৰী সংস্থা লেংডন ফাউণ্ডেশ্যনে জন্মলগ্নৰে পৰা শুভাকাংক্ষী সকলৰ সহযোগত সমাজৰ দৰিদ্ৰ, নিপীৰিত লোক সকলৰ মাজত শীত নিবাৰণৰ বাবে গৰম কাপোৰ বিতৰণ কৰি আহিছে।
ইয়াৰ অংশ হিচাপে আজি গুৱাহাটীৰ লখৰাৰ কাষৰীয়া গড়ভঙা বনাঞ্চলৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল হিচাপে পৰিচিত জালুকপাহামত পুৰুষ, মহিলা, শিশু নিৰ্বিশেষে অঞ্চলটোৰ দুই শতাধিক লোকৰ মাজত শীত নিবাৰণৰ বাবে গৰম কাপোৰ বিতৰণ কৰে।
এই উপলক্ষে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোঁহায়ে আঁত ধৰা অনুষ্ঠানটোত কাপোৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডঃ মনোৰঞ্জন বৰগোহায়ে।
অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপ দত্ত, লেংডন ফাউণ্ডেশ্যনৰ উপদেষ্টা হৰেন বৰগোঁহাই, কৰ্মকৰ্তা ক্ৰমে শৈলজা খনিকৰ, অৰ্ণৱ ঝাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানত ভাগ লৈ জালুকপাহাম অঞ্চলৰ কেবাজনো লোকে অনগ্ৰসৰ অঞ্চলটোলৈ আহি শীত নিবাৰণৰ বাবে কাপোৰ বিতৰণ কৰা বাবে কাপোৰ বিতৰণ কৰা বাবে লেংডন ফাউণ্ডেশ্যনক ধন্যবাদ জ্ঞাপন কৰে।
Leave a Reply Cancel reply