গুৱাহাটীঃ সুদীৰ্ঘ ১১ বছৰৰ পিছত ৰে’ল কৰ্মচাৰী ইউনিয়নৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৪, ৫ আৰু ৬ ডিচেম্বৰত। আজি গুৱাহাটী মালিগাওঁৰ গো-শালাৰ সমীপৰ পৰা বিশাল শোভাযাত্ৰা উলিয়াই পূৰ্বোত্তৰ সীমান্ত ৰে’ল কৰ্মচাৰী সংঘই। শোভাযাত্ৰা অংশগ্ৰহণ কৰে ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক অশোক কুমাৰ শুক্লা, ৰাষ্ট্ৰীয় উপাধ্যক্ষ ভাৰতীয় ৰে’লৱে মজদুৰ সংঘ তথা সভাপতি পূৰ্বোত্তৰ সিমান্ত ৰে’ল কৰ্মচাৰী সংঘ জিতু হাজৰিকা, পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক হৰিশ ভূঞা, ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক গনেশ মিশ্ৰ, ভাৰতীয় মজদুৰ সংঘৰ, অসম প্ৰান্তৰ সম্পাদক ভাস্কৰ দাস প্ৰমুখ্যে ভাৰতীয় মজদুৰ সংঘৰ জেষ্ঠ কৰ্মকৰ্তা আৰু সদস্যবৃন্দই। ইয়াৰ পিছতেই মালিগাওঁৰ পূৰ্বোত্তৰ সিমান্ত ৰে’লৱেৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।
শোভাযাত্ৰা কালত নেতৃবৰ্গই ৰেলৰ ব্যক্তিগতকৰণৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে ‘‘No NPS, NO UPS, WE WANT OP’’ ধ্বনিৰে ৰাজপথত শোভাযাত্ৰা কৰে। লগতে ৰে’লৰ কৰ্মচাৰীসকলক ৭০ বছৰ ধৰি প্ৰতাৰণা কৰি অহা দুই ইউনিয়নক পৰাভূত কৰাৰ বাবে আজি মনোনয়নৰ যোগেদি যুদ্ধ আৰম্ভ হোৱা বুলি ঘোষণা কৰে। ভাৰতৰ বৃহত্তম মজদুৰ সংঘ ভাৰতীয় মজদুৰ সংঘৰ নীতি আদৰ্শৰে পূৰ্বোত্তৰ সিমান্ত ৰেল কৰ্মচাৰী সংঘৰ বলিষ্ঠ নেতৃত্বত অনাগত দিনত ৰে’ল শ্ৰমিকৰ উচিত প্ৰাপ্য আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব দৃঢ়বদ্ধতা দোহাৰে।
Leave a Reply Cancel reply