●সংবাদদাতা, মনীষা শৰ্মা● বুধবাৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডত অনুৰাগ সাহিত্য আলোচনী আৰু এ.কে. ফাউণ্ডেশ্বনৰ সহযোগত প্ৰয়াত প্ৰতিভাবান কবি অলকেশ কলিতাৰ জন্মদিন পালন কৰা হয়। অকালতে ইহ সংসাৰ ত্যাগ কৰা অলকেশ কলিতাৰ ওপজা দিনটোত অসমৰ বিভিন্ন প্ৰথিতযশা কবি সাহিত্যিকৰ লগতে বিভিন্নজন কবিৰ উপস্থিতত কবিতা পাঠ আৰু বক্তৃতা প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
সৃঞ্জনা শৰ্মাই পৰিবেশন কৰা মাধৱদেৱ বিৰচিত বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অলকেশ কলিতাৰ কাব্য আৰু চৰ্চা সম্পৰ্কত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে অসমৰ দুই বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম আৰু অনুভৱ তুলসীয়ে।
এই অনুষ্ঠানটোত কবিতা পাঠ কৰি অলকেশ কলিতাক স্মৰণ কৰে বিশিষ্ট কবি নীলিমা ঠাকুৰীয়া হক, শান্তনু শৰ্মা, প্ৰতীম বৰুৱা, প্ৰাঞ্জল এ. শৰ্মা, সংগীতা মেধি, হিমাংশু ভাগৱতী, উৎপল ডেকা,মিতুল হাজৰিকা,হিমাংগ দাস,জয়ন্ত মান্তা, হিল্লোলজ্যোতি সিংহ,মনালিছা শৰ্মা,ধীমান বৰ্মন আদিয়ে।
এই অনুষ্ঠানটোত অসমৰ প্ৰসিদ্ধ কাব্যালোচনী ‘সেউজী-সেউজী’ৰ অলকেশ কলিতাৰ নামত উচৰ্গিত বিশেষ সংখ্যাটো।
অসমৰ প্ৰথিতযশা কবি নীলিম কুমাৰে সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰায় শতসংখ্যক অভ্যাগত উপস্থিত থাকে।
এইদৰেই অকলেশ কলিতাৰ জন্মদিনটো পালন কৰা হয়। অনুষ্ঠানটোত অলকেশ কলিতাৰ পিতৃ মাতৃও উপস্থিত থাকে।
Leave a Reply