সংবাদ দাতা, মনীষা শৰ্মাঃ ঐতিহ্য অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। লোককৃষ্টিৰ শিপাৰ জৰিয়তে জাতি এটাই কলা-সংস্কৃতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হয়। অসমৰ কলা-কৃষ্টি আৰু ঐতিহ্যক ধৰি ৰখাৰ ক্ষেত্ৰত মঘাই ওজা আৰু মোহন ভাউৰীয়াই আগবঢ়াই যোৱা অৱদান উল্লেখনীয়।এই মন্তব্য আজি এক বঁটা প্ৰদান অনুষ্ঠানত আগবঢ়াই শিক্ষাবিদ ড°পূৰ্ণ ভট্টাচাৰ্যই। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত “ম’ঘাই-মোহন কৃষ্টি সংঘ” অসমৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাবিদ গৰাকীয়ে এই মন্তব্য আগবঢ়ায়। শিক্ষাবিদ গৰাকীয়ে লগতে কয় যে মঘাই -মোহনক বাদ দি অসমৰ সমাজ জীৱন তথা কলা-কৃষ্টি সম্পূৰ্ণ হ’ব নোৱাৰে। উল্লেখযোগ্য যে ‘মঘাই-মোহন কৃষ্টি সংঘ, অসম’য়ে ২০১৮ চনৰ পৰাই লোকসংস্কৃতি আৰু নাট্যাভিনয়ৰ ক্ষেত্ৰখনত যোগাই অহা অৱদানৰ ভিত্তিত দুগৰাকী প্রবীন শিল্পীক প্ৰদান কৰি আহিছে “মঘাই-মোহন বঁটা”।
লোকসংস্কৃতিৰ সাধক আৰু নাট্যকর্মীক প্রদান কৰা এই বঁটাত আছে নগদ পঁচিশ হাজাৰ টকা, ফুলাম গামোচা, জাপি, প্রশস্তিপত্ৰ আৰু অংগবস্ত্র। মূলত প্রবীন জ্ঞানী-গুণী শিল্পী সকলক সাময়িক ভাবে আর্থিক সকাহ আৰু তেখেতসকলৰ জীৱনজোৰা সাধনাৰ যথোচিত সন্মান আৰু স্বীকৃতি হিচাপে প্রদান কৰা ২০২৩ বৰ্ষৰ এই বঁটা লাভ কৰে প্ৰবীন শিল্পী স্নেহলতা দাস আৰু বলিষ্ঠ অভিনেতা তৌফিক ৰহমানে। সেই অনুসাৰে এইবাৰ সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্র চৌধুৰীৰ সোঁৱৰণত প্ৰদান কৰা বটা লাভ কৰে ” ক্রমে প্রবীন কণ্ঠ শিল্পী স্নেহলতা দাস আৰু ভ্ৰাম্যমান মঞ্চজগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানে। এই উদ্দেশ্যে আজি ইপিনে গুৱাহাটী প্ৰেচক্লাবত অনুষ্ঠিত ম’ঘাই-মোহন কৃষ্টি সংঘ, অসমৰ বাৰ্ষিক সভাত এই বঁটাসমূহ প্ৰদান কৰা হয়।
ইপিনে স্নেহলতা দাসৰ বন্তি প্ৰজ্বলনৰে আৰম্ভহোৱা সভাত আদৰণি ভাষণ আগবঢ়াই সংঘৰ সভাপতি নৱ কুমাৰ মজুমদাৰে । সাহিত্য সমালোচক বিপুল শৰ্মাই আতধৰা আজিৰ অনুষ্ঠানতে সংঘই পোনপ্ৰথম বাৰৰ বাবে প্ৰদান কৰা “মঘাই মোহন উদ্গনি বঁটাও প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এইবাৰৰ এই বঁটা বিশেষ বঁটা লাভ কৰে”বামুণীমৈদাম শংকৰদেৱ সমাজ কীৰ্তন মহিলা নাম দলে। ইপিনে মঘাই মোহন কৃষ্টি সংঘৰ এনে পদক্ষেপৰ বাবে দুয়োগৰাকী বঁটা প্ৰাপকে সংঘৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি আন এগৰাকী বিশিষ্ট অতিথি নাট্যকাৰ জিতেন শৰ্মাই শুভেচ্ছা মূলক বক্তব্যৰে গভাখন গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।
Leave a Reply Cancel reply